গুৱাহাটী, ০৪ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম আৰু মেঘালয়ৰ মাজত দশক দশক পুৰণি সীমা বিবাদ সমাধানৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে প্ৰথমটো সীমান্ত স্তম্ভ স্থাপন কৰা হৈছে।
শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৭২ চনত মেঘালয়ে স্বাধীন ৰাজ্যৰ মৰ্যাদা পোৱাৰ লগে লগে কিছুমান সীমান্ত অঞ্চলৰ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মাজত পৰিস্থিতি স্পষ্ট হোৱা নাছিল, যাৰ বাবে সময়ে সময়ে বিবাদ আৰু বিভ্ৰান্তিৰ সৃষ্টি হৈছে।
তেওঁ কয় যে এনেদৰে সময় পাৰ হৈ গ’ল আৰু ২০২২ চনত ৫০ বছৰৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু মেঘালয়ৰ মাজৰ ১২টা বিবাদিত অঞ্চলৰ ভিতৰত ৬টা স্থানত সীমা নিৰ্ধাৰণৰ বাবে এক ঐতিহাসিক সন্মতি চুক্তি (সীমান্ত চুক্তি) স্বাক্ষৰিত হয়। এই ঐতিহাসিক চুক্তি ৰূপায়ণৰ অংশ হিচাপে এতিয়া প্ৰথমটো সীমান্ত স্তম্ভ স্থাপন কৰা হৈছে।
এই সীমান্ত স্তম্ভটোৱে দুয়োখন ৰাজ্যৰ মাজত বন্ধুত্বৰ শক্তিশালী সেতু হিচাপে কাম কৰিব বুলি আস্থা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ দ্বাৰা দুয়োখন ৰাজ্যৰ নাগৰিক আৰু প্ৰশাসনৰ বাবে স্পষ্ট ন্যায়িক সীমা নিশ্চিত হ’ব। লগতে যিবোৰ অঞ্চলক আগতে ‘গ্ৰে জ’ন’ বুলি গণ্য কৰা হৈছিল, সেইবোৰে এতিয়া সম্পূৰ্ণ আইনী চৰকাৰী প্ৰশাসনিক ব্যৱস্থা ৰূপায়ণ কৰিবলৈ সক্ষম হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া