ধুবুৰী, ০৪ জুলাই (হি.স.)। অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্ববৃহৎ উচ্ছেদ অভিযান।মাইকযোগে শ শ পৰিয়ালক ঘৰ-সম্পত্তি খালি কৰাৰ শেষ সকীয়নি। বিলাসীপাৰাৰ ৫ হাজাৰ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। চাপৰ ৰাজহ চক্ৰ অন্তৰ্গত চিৰাকুটা,চৰুৱাবাখৰা আৰু সন্তোষপুৰ গাঁৱত চৰকাৰী ভূমি বেদখল কৰি থকা লোক সকলোক অহা ৬ জুলাইৰ ভিতৰত উপৰোক্ত ঠাই খালি কৰি দিয়াৰ বাবে ধুবুৰী জিলা প্ৰশাসনে মাইকযোগে ঘোষণা। া
মাইকযোগে ঘোষণা হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক হাহাকাৰ ময় পৰিস্তিতিৰ সৃষ্টি হৈছে। কিয় নো হাতত মাত্ৰ ২৪ ঘণ্টা সময় তাৰ ভিতৰতে চৰাকাৰী ভূমি খালি কৰি দিয়াৰ নিৰ্দেশ। লগতে প্ৰশাশনে উল্লেখ কৰে যে উক্ত ঠাইৰ ভূমিহীন লোকক আটানি ৰাজহ চক্ৰৰ অন্তৰ্গত বয়জেৰ আলগাত ৩০০ বিঘা ভূমি সংৰক্ষিত কৰি ঠাইত স্হান্তৰ কৰিব আৰু লগতে চৰকাৰৰ তৰফৰ পৰা এককালীণ সাহায্য প্ৰদান কৰিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ