Assam, 3 জুলাই
নতুন দিল্লী/বামাকো, ০৩ জুলাই (হি.স.)। আফ্ৰিকাৰ দেশ মালিত তিনিগৰাকী ভাৰতীয় নাগৰিকক অপহৰণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ইয়াক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। কেন্দ্ৰই মালি চৰকাৰৰ সৈতে যোগাযোগ কৰি ভাৰতীয় তিনিজন নাগৰিকক অতি সোনকালে মুক্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।
ইফালে যোৱা নিশা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত কোৱা হৈছে যে এই কাণ্ড সংঘটিত হৈছে যোৱা ০১ জুলাইত। এই অপহৰণৰ কাণ্ড সংঘটিত হৈছিল যেতিয়া সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ সৈতে জড়িত এটা জেহাদী গোটৰ সন্ত্ৰাসবাদীয়ে একেলগে মালিৰ সাতখন ডাঙৰ চহৰ আক্ৰমণ কৰিছিল। গতিকে সন্দেহৰ আঙুলিটোৱে আল কায়দাৰ দিশলৈ আঙুলিয়াই দিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি মালি গণৰাজ্যৰ কায়েছৰ হীৰা চিমেণ্ট কাৰখানাত কৰ্মৰত তিনিজন ভাৰতীয় নাগৰিকক অপহৰণ কৰা হৈছে। এদল সশস্ত্ৰ আক্ৰমণকাৰীয়ে কাৰখানা চৌহদত আক্ৰমণ কৰি তিনিজন ভাৰতীয় নাগৰিকক বলপূৰ্বকভাৱে পণবন্দী কৰি ৰাখে। কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ হৈছে যে পশ্চিম আৰু মধ্য মালিৰ কেইবাটাও স্থানত কেইবাটাও সামৰিক আৰু চৰকাৰী ইনষ্টলেশ্যনতো সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছে।
প্ৰকাশ পোৱা তথ্য অনুসৰি বামাকোত থকা ভাৰতীয় দূতাবাসে মালি চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষ, স্থানীয় আইন প্ৰয়োগকাৰী সংস্থা আৰু হীৰা চিমেণ্ট কাৰখানাৰ পৰিচালনাৰ সৈতে যোগাযোগত আছে। ইণ্ডিয়ান মিছনে অপহৃত ভাৰতীয় নাগৰিকৰ পৰিয়ালৰ সদস্যৰ সৈতেও যোগাযোগত আছে। কেন্দ্রীয় চৰকাৰে মালি গণৰাজ্য চৰকাৰক অপহৰণ কৰা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিত আৰু আগতীয়াকৈ মুক্তি দিয়াৰ বাবে সকলো প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷
মালিৰ লে মণ্ডে কাকতৰ বাতৰি অনুসৰি ইছলাম আৰু মুছলমানক সমৰ্থন কৰা সন্ত্ৰাসবাদী সংগঠনটোৱে ১ জুলাইৰ পুৱা মালিৰ আঞ্চলিক ৰাজধানী কায়েছকে ধৰি সাতখন চহৰত আক্ৰমণ চলাইছিল। চেনেগালৰ সীমান্তৱৰ্তী এই অঞ্চলটো মালিৰ অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ। আল কায়দাৰ ছাহেলিয়ান সন্ত্ৰাসবাদীয়ে নিওনো, মলোডো, চাণ্ডাৰে, নিওৰো ডু চাহেল, ডিবোলি, গগুই, কায়েছত বিধ্বংসী ৰূপ ধাৰণ কৰে।
মঙলবাৰে পুৱা মালিৰ সশস্ত্ৰ বাহিনীৰ জেনেৰেল ষ্টাফে এক বিবৃতিত এই আক্ৰমণ নিশ্চিত কৰে। তেওঁ কয় যে শত্ৰুৱে প্ৰতিৰক্ষা প্ৰতিষ্ঠান আৰু নিৰাপত্তা বাহিনীৰ ক্ষতিসাধন কৰে। ইয়াৰ মাজতে ৮০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে। মালি সশস্ত্ৰ বাহিনীৰ মুখপাত্ৰ কৰ্ণেল মেজৰ ছৌলেমান ডেম্বেলে ৰাষ্ট্ৰীয় টেলিভিছনত কয় যে শত্ৰুৱে একেলগে আক্ৰমণ কৰি আমাক আচৰিত কৰি তুলিছে। সশস্ত্ৰ বাহিনীয়ে উপযুক্ত উত্তৰ দিলে।
োআল কায়দাৰ সৈতে জড়িত মালিৰ ইয়াদ আগ গালিৰ নেতৃত্বত গঠিত জেহাদী গোটটোৱে দাবী কৰিছে যে তেওঁলোকে “তিনিটা শত্ৰুৰ বেৰেক আৰু কেইবা ডজন সামৰিক ঘাটিৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লৈছে”।
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া