ইণ্ডোনেছিয়াৰ বালিৰ সমীপত ফেৰী ডুবি তিনিজনৰ মৃত্যু, ৫৮জন নিৰুদ্দেশ
জাকাৰ্টা, ০৩ জুলাই (হি.স.)। ইণ্ডোনেছিয়াৰ ৰিজ’ৰ্ট দ্বীপ বালিৰ সমীপত এখন ফেৰডী (জাহাজ) ডুব যোৱাৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৮জন লোক সন্ধানহীন হৈ পৰে। সন্ধানহীন যাত্ৰীক বিচাৰিছে অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে। এই দলটোৱে চাৰিজন লোকক উদ্ধাৰ কৰিছে।
উদ্ধাৰ অভিযান

চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়াৰ মতে, বুধবাৰে মাজনিশা সংঘটিত হয় এই নাও দুৰ্ঘটনা। আজি পুৱা এজন জ্যেষ্ঠ উদ্ধাৰ বিষয়াই এই কথা নিশ্চিত কৰে। বালিৰ অনুসন্ধান আৰু উদ্ধাৰ কাৰ্যালয়ৰ মুৰব্বী আই ন্যোমান চিডকাৰিয়াৰ মতে, বালি আৰু পূব জাভা প্ৰদেশৰ মাজৰ সাগৰীয় সীমান্তত উচ্চ ঢৌত খুন্দা মৰাৰ ফলত ফেৰী খন ডুব যায়। তেওঁ কয় যে তিনিজন লোকৰ মৃত্যু হৈছে। আন চাৰিজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।

পূব জাভাৰ বানিউৱাংগী ৰিজেন্সিৰ এটা বন্দৰৰ পৰা ফেৰী খন ৰাওনা হৈছিল। বালিৰ জেমব্ৰানা ৰিজেন্সিৰ গিলিমানুক গাঁৱৰ এটা বন্দৰলৈ গৈ থকা অৱস্থাত হঠাৎ প্ৰচণ্ড ঢৌৰ ফলত ফেৰীখন ওলোটা হৈ পৰে। অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে। এই অভিযানত বালি আৰু পূব জাভা দুয়োখন দেশৰ দল জড়িত হৈ আছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ফেৰী খনত ৫৩ জন যাত্ৰী আৰু ১২ জন ক্ৰু মেম্বাৰ আছিল।

---------------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

 rajesh pande