নিউ জাৰ্চিত স্কাইডাইভিং বিমান দুৰ্ঘটনাগ্ৰস্ত, আহত ১৫ জন
ট্ৰেণ্টন (নিউ জাৰ্চি), ০৩ জুলাই (হি.স.)। আমেৰিকাৰ পূব উপকূলত অৱস্থিত নিউ জাৰ্ছিৰ উইলিয়ামছটাউনৰ বিমানবন্দৰৰ সমীপত স্কাইডাইভিং বিমান দুৰ্ঘটনাত ১৫ জন লোক আহত হয়। টাকাহো ৰোডৰ ঘন অৰণ্যত সংঘটিত হয় এই বিমান দুৰ্ঘটনা। দ্য মিৰ’ৰ ইউ এছ কাকতৰ বাতৰি অনুসৰি
নিউ জাৰ্ছিৰ উইলিয়ামছটাউনৰ ক্ৰছ কিছ বিমানবন্দৰৰ সমীপৰ ঘন অৰণ্যত সংঘটিত হয় এই দুৰ্ঘটনা। ফটো দ্য মিৰ'ৰ ইউ.এছ


ট্ৰেণ্টন (নিউ জাৰ্চি), ০৩ জুলাই (হি.স.)। আমেৰিকাৰ পূব উপকূলত অৱস্থিত নিউ জাৰ্ছিৰ উইলিয়ামছটাউনৰ বিমানবন্দৰৰ সমীপত স্কাইডাইভিং বিমান দুৰ্ঘটনাত ১৫ জন লোক আহত হয়। টাকাহো ৰোডৰ ঘন অৰণ্যত সংঘটিত হয় এই বিমান দুৰ্ঘটনা।

দ্য মিৰ’ৰ ইউ এছ কাকতৰ বাতৰি অনুসৰি বুধবাৰে সন্ধিয়া ক্ৰছ কিছ বিমানবন্দৰৰ সমীপৰ অৰণ্যত দুৰ্ঘটনাগ্ৰস্ত হয় এই স্কাইডাইভিং বিমানখন। জাহাজখনত ১৫ জন লোক আছিল। আহতসকলক ততাতৈয়াকৈ কেমডেনৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। গ্ল’চেষ্টাৰ কাউন্টি জৰুৰীকালীন ব্যৱস্থাপনা কাৰ্যালয়ে ফেচবুক পোষ্টযোগে এই দুৰ্ঘটনা নিশ্চিত কৰিছে।

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে দেওবাৰে অহাইঅ’ বিমানবন্দৰৰ পৰা উৰা মৰা কেইমিনিটমানৰ পিছতে এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ছয়জন লোকৰ মৃত্যু হৈছিল। ইয়ংষ্টাউন-ৱাৰেন আঞ্চলিক বিমানবন্দৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। নিহতসকলৰ ভিতৰত আছে এটা পৰিয়ালৰ চাৰিজন প্ৰাপ্তবয়স্ক সদস্য, পাইলট আৰু সহ-পাইলট। আহত পৰিয়ালটোৰ চাৰিওজন সদস্যই ইয়ংষ্টাউন-ৱাৰেন অঞ্চলৰ এটা তীখা উৎপাদন কাৰখানাৰ মালিক বুলি কোৱা হৈছে।

নিহত কেইজন হৈছে পাইলট জোচেফ মেক্সিন (৬৩), সহ-পাইলট টিমোথি ব্লেক (৫৫), যাত্ৰী ভেৰ’নিকা ৱেলাৰ (৬৮), তেওঁৰ স্বামী জেমছ ৱেলাৰ (৬৭), তেওঁলোকৰ পুত্ৰ জন ৱেলাৰ (৩৬) আৰু তেওঁৰ পত্নী মাৰিয়া ৱেলাৰ (৩৪)।

---------------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande