মধ্য হোলোঙাপাৰ আৰু কাকজান গাঁও পঞ্চায়তৰ সভাপতি পদত অধিষ্ঠিত যুৱ সমাজকৰ্মী ক্ৰমে মঞ্জিত বৰগোহাঁই, আৰিফ আহমেদ
তিনিচুকীয়া, ০৩ জুলাই (হি.স.)। তিনিচুকীয়া জিলাৰ মধ্য হোলোঙাপাৰ আৰু কাকজান গাঁও পঞ্চায়তৰ সভাপতি পদত অধিষ্ঠিত যুৱ সমাজকৰ্মী ক্ৰমে মঞ্জিত বৰগোহাঁই, আৰিফ আহমেদ যুৱ প্ৰজন্মৰ প্ৰতিনিধি এইবাৰ পঞ্চায়তসমূহ দায়িত্ব পোৱাৰ লগে লগে অঞ্চলসমূহত ৰাইজৰ মাজত উৎকন
মধ্য হোলোঙাপাৰ আৰু কাকজান গাঁও পঞ্চায়তৰ সভাপতি পদত অধিষ্ঠিত যুৱ সমাজকৰ্মী ক্ৰমে মঞ্জিত বৰগোহাঁই, আৰিফ আহমেদ


তিনিচুকীয়া, ০৩ জুলাই (হি.স.)। তিনিচুকীয়া জিলাৰ মধ্য হোলোঙাপাৰ আৰু কাকজান গাঁও পঞ্চায়তৰ সভাপতি পদত অধিষ্ঠিত যুৱ সমাজকৰ্মী ক্ৰমে মঞ্জিত বৰগোহাঁই, আৰিফ আহমেদ

যুৱ প্ৰজন্মৰ প্ৰতিনিধি এইবাৰ পঞ্চায়তসমূহ দায়িত্ব পোৱাৰ লগে লগে অঞ্চলসমূহত ৰাইজৰ মাজত উৎকন্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

মধ্য হোলোঙাপাৰ অঞ্চলৰ এগৰাকী সৰবৰাহী যুৱক মঞ্জিত বৰগোহাঁই এইবাৰ উক্ত পঞ্চায়তৰ সভাপতিৰ পদত অধিষ্ঠিত হোৱাৰ পাছতে ৰাইজে আশাৰ কিৰণ দেখিছে। মঞ্জিত এগৰাকী কম বয়সৰ যুৱকৰ লগতে বিভিন্ন সময়ত হোলোঙাপাৰ অঞ্চলৰ সামাজিক কাম-কাজত জড়িত থকাৰ লগতে বিভিন্ন সময়ত বিভিন্ন আৰ্তক সহায় কৰি আহিছে। সেয়ে ৰাইজে মঞ্জিতক ৱাৰ্ডৰ পৰা অপ্ৰতিদ্বন্দ্বী ৰূপে পঞ্চায়তৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছিল পঞ্চায়ত নিৰ্বাচনত। আৰু এতিয়া সকলোৰে সমৰ্থনত পঞ্চায়তৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছে এইগৰাকী যুৱ সমাজকৰ্মী। সকলোৱে আশা কৰিছে মঞ্জিতে ৰাইজৰ সকলো অভাৱ অভিযোগ পুৰণ কৰিব।

ইপিনে ইমান কম বয়সতে পঞ্চায়তৰ সভাপতিৰ দৰে গধুৰ দায়িত্ব পাই আনন্দিত হৈ পৰিছে মঞ্জিত আৰু মধ্য হোলোঙাপাৰ পঞ্চায়তখন অসমৰ ভিতৰতে এখন উন্নয়নশীল পঞ্চায়ত হিচাপে গঢ় দিবলৈ ৰাইজৰ সহায় সহযোগ তথা পৰামৰ্শ কামনা কৰিছে।

আনপিনে কাকজান পঞ্চায়তত সভাপতি হিচাপে সকলোৰে সমৰ্থনত অধিষ্ঠিত হৈছে উদিয়মান যুৱক আৰিফ আহমেদ। সৰুৰে পৰা কাকজানৰ ক্ৰীড়া, সামজিক ক্ষেত্ৰখনত অহৰহ কাম কৰি থকা আৰিফে এইবাৰ পঞ্চায়তৰ দায়িত্ব লৈ বৃহত্তৰ কাকজান অঞ্চলৰ ৰাইজক সৰ্বতোপ্ৰকাৰে সহায় কৰা সপোন দেখিছে আৰু এই ক্ষেত্ৰত আগুৱাই যাবলৈ ৰাইজৰ আশীৰ্বাদ বিচাৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande