লক্ষীমপুৰ, ০৩ জুলাই (হি.স.)। ঘিলামৰাৰ গা-ডাঙৰ চুকত আৰক্ষীক দলবদ্ধ আক্ৰমণৰ ঘটনাৰে জড়িত এজনক আটক। আটকাধীন ব্যক্তি জনৰ নাম গা-ডাঙৰ চুকৰ প্ৰিয় নাথ দলে (৩৫)। বুধবাৰে ঘিলামৰাৰ গাদাঙৰচুকত পৰকীয়া প্ৰেমিক যুগলক আটক কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰিছিল একাংশ লোকে আৰু ইয়াৰ পিছতে গুৰুতৰভাৱে আহত হৈছিল দুগৰাকী আৰক্ষী বিষয়া।
আৰক্ষী কনিষ্টবল নৱনীতা চেতিয়া আৰু ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়নৰ জোৱান ৰঞ্জন বৰুৱা আহত হৈছিল ।বুধবাৰে সংঘটিত হোৱা এই ঘটনাটোৰ বিৰুদ্ধে আৰম্ভ হৈছিল তদন্ত প্ৰক্ৰিয়া। তদন্ত কালত এজনক ঘিলামৰা আৰক্ষীয়ে আটক কৰিছে যদিও কম সময়ৰ ভিতৰতে আৰু ৫ জনক গ্ৰেপ্তাৰ কৰিব বুলি বিশেষ সুত্ৰৰ পৰা জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা