জুন মাহত মইলৰ অভিলেখ ১.৬৮ লাখ টন মেংগানিজ আকৰ উৎপাদন
নতুন দিল্লী, ০৩ জুলাই (হি.স.)। ৰাজহুৱা খণ্ডৰ কোম্পানী এম অ’ আই এল লিমিটেডে জুন মাহত ১.৬৮ লাখ টন মেংগানিজ আকৰ উৎপাদন কৰিছে, যিটো বিগত বছৰৰ একে সময়ছোৱাৰ তুলনাত ২ শতাংশ বেছি। কোম্পানীটোৱে আৰম্ভণিৰ পৰাই ত্ৰিমাসিকভাৱে অভিলেখ সৃষ্টি কৰিছে। তীখা মন্ত্ৰালয
মইলৰ পৰিচালন অধ্যক্ষ অজিত কুমাৰ চাক্সেনা


নতুন দিল্লী, ০৩ জুলাই (হি.স.)। ৰাজহুৱা খণ্ডৰ কোম্পানী এম অ’ আই এল লিমিটেডে জুন মাহত ১.৬৮ লাখ টন মেংগানিজ আকৰ উৎপাদন কৰিছে, যিটো বিগত বছৰৰ একে সময়ছোৱাৰ তুলনাত ২ শতাংশ বেছি। কোম্পানীটোৱে আৰম্ভণিৰ পৰাই ত্ৰিমাসিকভাৱে অভিলেখ সৃষ্টি কৰিছে।

তীখা মন্ত্ৰালয়ৰ তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ প্ৰথম ত্ৰৈমাসিক (এপ্ৰিল-জুন) সময়ছোৱাত এম অ’ আই এল লিমিটেডে ৫.০২ লাখ টন ত্ৰিমাসিক উৎপাদন লাভ কৰিছিল, যিটো যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ৬.৮ শতাংশ বেছি। ইয়াৰ উপৰিও প্ৰথম ত্ৰৈমাসিকত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ ৩৪,৯০০ মিটাৰ অন্বেষণমূলক কোৰ ড্ৰিলিং কৰা হৈছে, যিটো যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ১৬.২ শতাংশ বেছি।

কোম্পানীটোৰ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ কৰি এম অ’ আই এল লিমিটেডৰ অধ্যক্ষ সহ পৰিচালন সঞ্চালক অজিত কুমাৰ ছাক্সেনাই কয় যে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত কোম্পানীটোৰ উৎকৃষ্ট প্ৰদৰ্শনে কোম্পানীটোৰ শক্তিশালী মৌলিক দিশ আৰু অবিৰত বৃদ্ধিৰ সম্ভাৱনাক প্ৰতিফলিত কৰিছে।

মেংগানিজ আকৰন খনন কৰা ৰাজহুৱা খণ্ডৰ এমঅইল লিমিটেড ভাৰত চৰকাৰৰ তীখা মন্ত্ৰালয়ৰ অন্তৰ্গত মিনিৰত্ন কোম্পানী।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande