নতুন দিল্লী, ০৩ জুলাই (হি.স.)। কেন্দ্ৰীয় চৰকাৰে জ্যেষ্ঠ আমোলা এ পি দাস যোশীক খাদ্য সংসাধন উদ্যোগৰ সচিব হিচাপে নিযুক্তি দিয়ে।
কৰ্মচাৰী মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি কেবিনেটৰ নিযুক্তি সমিতিয়ে এ পি দাস যোশীক খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ সম্পাদক হিচাপে নিযুক্তি দিবলৈ অনুমোদন জনাইছে।
অসম-মেঘালয় কেডাৰৰ ১৯৯৪ চনৰ বেটচৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া যোশী বৰ্তমান কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ অতিৰিক্ত সচিব। খাদ্য আৰু ৰাজহুৱা বিতৰণ সচিব সঞ্জীৱ চোপ্ৰাই চলিত বৰ্ষৰ ৩১ মে’ত সুব্ৰত গুপ্তাৰ অৱসৰ লোৱাৰ পিছৰে পৰা খাদ্য সংসাধন উদ্যোগৰ অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া