লাহৰীঘাটত বনৰীয়া চৰাইৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান
লাহৰীঘাট বনৰীয়া চৰাইৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান।
লাহৰীঘাট বনৰীয়া চৰাইৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান।


মৰিগাঁও, ০৩ জুলাই (হি.স.)। মৰিগাঁও জিলাৰ লাহৰীঘাটত এইবাৰ বনৰীয়া চৰাইৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ ধাৰাবাহিক অভিযান। বুধবাৰে নিশা লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক দিগন্ত বৰুৱাৰ নেতৃত্বত পুনৰ বহুকেইটা বনৰীয়া চৰাই সহ গ্ৰেপ্তাৰ এটা চোৰাং চিকাৰী।

লাহৰীঘাট থানাৰ অন্তৰ্গত উদকাটি গাঁৱত নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে চোৰাং চিকাৰীটোক । গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰীটোৰ নাম বাহাৰুল ইছলাম বুলি জনা গৈছে। চোৰাং চিকাৰীটোৰ ঘৰৰ পৰা বনৰীয়া চৰাই চিকাৰৰ বাবে ব্যৱহৃত সামগ্ৰী সহ জব্দ কৰে বহুকেইটা চৰাই।

উল্লেখ্য যে লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত বিগত তিনি দিন ধৰি চলাই থকা ধাৰাবাহিক অভিযানত ৫ টাকৈ চোৰাং চিকাৰী গ্ৰেপ্তাৰ আৰু বহু সংখ্যক বনৰীয়া চৰাই জব্দ হয়।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande