নতুন দিল্লী, ০৩ জুলাই (হি.স.)। কৃষি খণ্ডৰ সৈতে জড়িত সামগ্ৰী প্ৰস্তুত কৰা কোম্পানী ইণ্ডোগালফ ক্ৰপছায়েন্সেছৰ শ্বেয়াৰে আজি সমতল পৰ্যায়ত শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰি আই পি অ’ বিনিয়োগকাৰীক হতাশ কৰে।
আই পি অ’ৰ অধীনত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ১১১ টকা হাৰত জাৰি কৰে। আজি বিএছই আৰু এনএছইত ইয়াৰ প্ৰৱেশ কোনো উঠা-নমা নোহোৱাকৈ ১১১ টকাৰ স্তৰত আছিল। ফ্লেট লিষ্টিঙৰ পিছত বিক্ৰী আৰম্ভ হোৱাৰ বাবে ষ্টকটো হ্ৰাস পায়। প্ৰথম এঘণ্টাৰ ব্যৱসায়ৰ পিছত পুৱা ১০:১৫ বজাত এই ষ্টকটো ১০৬ টকাৰ স্তৰত ব্যৱসায় হৈছিল। এইদৰে কোম্পানীটোৰ আই পি অ’ বিনিয়োগকাৰীসকলে এতিয়ালৈকে প্ৰতি শ্বেয়াৰত ৫ টকাকৈ লোকচানৰ সন্মুখীন হৈছে।
ইণ্ডোগালফ ক্ৰপছায়েন্সেছৰ ২০০ কোটি টকাৰ আই পি অ’ ২৬ৰ পৰা ৩০ জুনৰ ভিতৰত চাবস্ক্ৰিপচনৰ বাবে মুকলি আছিল। এই আই পি অ’ই বিনিয়োগকাৰীৰ পৰা ভাল সঁহাৰি লাভ কৰিছিল, যাৰ বাবে ইয়াক সামগ্ৰিকভাৱে ২৭.১৭ গুণ চাবস্ক্ৰাইব কৰা হৈছিল। ইয়াত যোগ্য প্ৰতিষ্ঠানিক ক্ৰেতা (কিউআইবি)ৰ বাবে সংৰক্ষিত অংশ ৩১.৭৩ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। একেদৰে অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশই (এন আই আই) ৪৯.০৬ গুণ চাবস্ক্ৰিপচন লাভ কৰে। ইয়াৰ উপৰিও খুচুৰা বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশ ১৪.৯৭ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল।
এই আই পি অ’ৰ অধীনত ১৬০ কোটি টকাৰ নতুন শ্বেয়াৰ জাৰি কৰা হৈছে। ইয়াৰ উপৰিও অফাৰ ফৰ চেল উইণ্ড’ৰ জৰিয়তে ১০ টকাৰ ফেচ ভেলুৰ ৩৬,০৩,৬০৩ টা শ্বেয়াৰ বিক্ৰী হৈছে। আই পি অ’ৰ জৰিয়তে সংগ্ৰহ কৰা ধন কোম্পানীটোৱে নিজৰ নতুন ইন-হাউছ ড্ৰাই ফ্ল’ৱেবল প্লাণ্ট স্থাপন, পুৰণি ঋণ পৰিশোধ, ৱৰ্কিং কেপিটেলৰ প্ৰয়োজনীয়তা পূৰণ আৰু সাধাৰণ কৰ্পৰেট উদ্দেশ্যত ব্যৱহাৰ কৰিব।
কোম্পানীটোৰ আৰ্থিক অৱস্থাৰ কথা ক’বলৈ গ’লে প্ৰস্পেক্টচত কৰা দাবী অনুসৰি সৰু সৰু উঠা-নমাৰ মাজতো ইয়াৰ আৰ্থিক স্বাস্থ্য শক্তিশালী হৈছে। ২০২১-২২ বিত্তীয় বৰ্ষত কোম্পানীটোৰ নিকা লাভৰ পৰিমাণ আছিল ২৬.৩৬ কোটি টকা, যিটো পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০২২-২৩ত সামান্য হ্ৰাস পাই ২২.৪২ কোটি টকা হৈছে আৰু ২০২৩-২৪ চনত জপিয়াই ২৮.২৩ কোটি টকা হৈছে। এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহ বছৰি ৪ শতাংশতকৈ অধিক চক্রবৃদ্ধিৰ হাৰত বৃদ্ধি পাই ৫৫৫.৭৯ কোটি টকা হৈছে৷ যদি আমি যোৱা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কথা কওঁ, তেন্তে ২০২৪ চনৰ এপ্ৰিলৰ পৰা ডিচেম্বৰলৈকে কোম্পানীটোৰ নিকা লাভৰ পৰিমাণ আছিল ২১.৬৮ কোটি টকা। একেদৰে এই সময়ছোৱাত কোম্পানীটোৱে ৪৬৬.৩১ কোটি টকাৰ ৰাজহ লাভ কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া