গুৱাহাটী মহানগৰীৰ খাৰঘুলিত সংঘটিত বৃদ্ধা মহিলাৰ হত্য়াকাণ্ডৰ সৈতে জৰিত হত্য়াকাৰীক আটক
গুৱাহাটী,০৩ জুলাই(হি.স.)। গুৱাহাটী মহানগৰীৰ খাৰঘুলিত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্তৰ অনুসন্ধানকাৰী আৰক্ষীৰ দলটোৱে এক বৃহৎ অগ্ৰগতি লাভ কৰিছে । আৰক্ষী ইতিমধ্যে সোধপোচৰ বাবে আটক কৰা ঘৰুৱা সহায়কাৰী দুজনৰ ভিতৰত এজনে অপৰাধ স্বীকাৰ কৰিছে। আজি সংবাদ ম
গুৱাহাটী মহানগৰীৰ খাৰঘুলিত সংঘটিত বৃদ্ধা মহিলাৰ হত্য়াকাণ্ডৰ সৈতে জৰিত হত্য়াকাৰীক আটক


গুৱাহাটী,০৩ জুলাই(হি.স.)। গুৱাহাটী মহানগৰীৰ খাৰঘুলিত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্তৰ অনুসন্ধানকাৰী আৰক্ষীৰ দলটোৱে এক বৃহৎ অগ্ৰগতি লাভ কৰিছে । আৰক্ষী ইতিমধ্যে সোধপোচৰ বাবে আটক কৰা ঘৰুৱা সহায়কাৰী দুজনৰ ভিতৰত এজনে অপৰাধ স্বীকাৰ কৰিছে।

আজি সংবাদ মাধ্য়মক হত্য়াকাণ্ডটোৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে অবগত কৰিছে আৰক্ষী বিভাগে। ঘৰুৱা সহায়কাৰী ৰাতুলে আৰক্ষীক অৱগত কৰা অনুসৰি, ভুক্তভোগী অৰ্থাৎ বন্দনা দাসে তেওঁক আৰু তেওঁৰ পৰিয়ালক নিয়মিতভাৱে ৰূড় আচৰণ আৰু গালি-গালাজ কৰিছিল। তেওঁ কয় যে হত্য়াকাণ্ডৰ বলী হোৱা মহিলা গৰাকী গালি গালাজ কৰাৰ সময়ত কঠোৰ শব্দ ব্যৱহাৰ কৰিছিল। আনকি তেওঁলোকৰ সৰু সন্তানটোৰ প্ৰতিও কটু শব্দ প্ৰয়োগ কৰিছিল যিটোৱে তেওঁক প্ৰায়ে অশান্তি দি আহিছিল।

আৰক্ষীক দিয়া তেওঁৰ স্বীকাৰোক্তি অনুসৰি হত্যাকাণ্ডৰ নিশা ৰাতুলে সুৰা সেৱন কৰি খঙত একো নাই হৈ উভতি আহিছিল। খঙত তেওঁ ধৈৰ্য্য়ৰ বান্ধ চিঙি ডিঙি চেপি ভুক্তভোগী মহিলা গৰাকীক হত্যা কৰে আৰু পিছত কাচিৰে ডিঙি ৰেপি পেলায় ।

হত্য়াকাণ্ডৰ মুল অভিযুক্ত ৰাতুলে হত্যাকাণ্ডৰ আগৰ পৰিঘটনা সমূহৰ বিৱৰণ দিয়ে। ইয়াৰ পূৰ্বে কালি বুধবাৰে পুৱা ৬৯ বছৰীয়া বন্দনা দাসৰ মৃতদেহ তেওঁৰ বাসগৃহৰ এটা কোঠাৰ ভিতৰত তেজেৰে ভিজি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। ঘটনাস্থলীত উপস্থিত আৰক্ষী কোঠাটোৰ দুৱাৰখন খোলা দেখা পোৱাৰ ফলত তদন্তকাৰী আৰক্ষীৰ দলে ভুক্তভোগীৰ কোনো পৰিচিত ব্য়ক্তিৰ দ্বাৰা হত্য়াকাণ্ডটো সংঘটিত হ’ব পাৰে বুলি সন্দেহ ব্য়ক্ত কৰিছিল ।

হত্য়াকাণ্ডটোৰ তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে মহিলা গৰাকীৰ চোৱাচিতা কৰিবলৈ নিযুক্তি দিয়া দুজন ব্যক্তি — কুঞ্জলতা দাস আৰু ৰাতুল দাসক আটক কৰে। পিছত ৰাতুলে হত্য়াকাণ্ডটো সংঘটিত কৰা বুলি অপৰাধ স্বীকাৰ কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande