অভিনেতা দিলজিৎ দোসাঞ্জে তেওঁৰ আগন্তুক ছবি ‘বৰ্ডাৰ ২’ৰ বিষয়ে এক বিশেষ আপডেট শ্বেয়াৰ কৰিছে। তেওঁ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰিছে, য’ত তেওঁক অতি উৎসাহিত দেখা গৈছে। ভিডিঅ’টোত দিলজিতে মিঠাই বিতৰণ কৰাৰ সময়ত ছবিখনক লৈ আনন্দ প্ৰকাশ কৰিছে।
অনুৰাগীসকলেও এই ভিডিঅ’টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্তব্যৰ জৰিয়তে উত্তেজনা প্ৰকাশ কৰিছে। ইতিমধ্যে ‘বৰ্ডাৰ ২’ক লৈ দৰ্শকৰ মাজত উন্মাদনাৰ সৃষ্টি হৈছে, এতিয়া দিলজিতৰ এই পোষ্টটোৱে ছবিখনৰ প্ৰতি কৌতুহল বাঢ়িছে।
দিলজিৎ দোসাঞ্জে তেওঁৰ ছবি ‘বৰ্ডাৰ ২’ৰ শ্বুটিং সম্পূৰ্ণ হোৱাত আনন্দ উদযাপন কৰিছে। ভিডিঅ’টোত দিলজিতক এটা টেণ্টত উপস্থিত থকা দেখা গৈছে, য’ত তেওঁ সহকৰ্মী আৰু বন্ধু-বান্ধৱীৰ সৈতে মিঠাই বিতৰণ কৰা দেখা গৈছে। এই ভিডিঅ'টোত দেখা গৈছে যে দিলজিত হাতত মিঠাইৰ বাকচ এটা লৈ থিয় হৈ আছে। তাৰ পিছত অভিনেতা বৰুণ ধাৱন তালৈ আহে আৰু দিলজিতে তেওঁক মিঠাই খুৱাই দিয়ে। ইয়াৰ পিছত তেওঁ আন ক্ৰু সদস্যসকলকো মিঠাই খুৱাই উদযাপন কৰে। দিলজিতৰ উৎসৱমুখৰ শৈলীক চচিয়েল মিডিয়াত অনুৰাগীয়ে যথেষ্ট ভাল পাইছে। এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিলজিতে কেপচনত লিখিছে, 'বৰ্ডাৰ ২'ৰ শ্বুটিং শেষ। এই ছবিখনত কৰণে শ্বহীদ নিৰ্মল জীত সিঙৰ চৰিত্ৰত অভিনয় কৰিছে। দিলজিতৰ এই পোষ্টটোত অনুৰাগী আৰু চেলিব্ৰিটিৰ প্ৰতিক্ৰিয়া আহিবলৈ ধৰিলে। বৰুণ ধাৱনে ধেমালিতে মন্তব্য কৰিলে, পাজী, এতিয়াও এটা শ্বট বাকী আছে... অনুৰাগে ফোন কৰিছে!
উল্লেখ্য যে ‘বৰ্ডাৰ ২’ পৰিচালনা কৰিছে অনুৰাগ সিঙে আৰু ইয়াত ভাৰতীয় সেনাৰ বীৰ জোৱানৰ কাহিনী চিত্ৰিত কৰা হ’ব। ভূষণ কুমাৰ, কৃষ্ণ কুমাৰ, জে পি দত্ত আৰু নিধি দত্তই একেলগে প্ৰযোজনা কৰিছে ছবিখন। এই দেশপ্ৰেমমূলক ছবিখন অহা ২৩ জানুৱাৰী ২০২৬ তাৰিখে চিনেমাগৃহত মুক্তি পাব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া