মোহলী, ২৬ জুলাই (হি.স.)। পঞ্জাৱ এফ চিয়ে ১৩৪ সংখ্যক ডুৰাণ্ড কাপৰ বাবে ঘোষণা কৰিছে ২৫ জনীয়া দল। এই সন্মানীয় প্ৰতিযোগিতাখন দেশৰ বিভিন্ন চহৰত অনুষ্ঠিত কৰা হৈছে। পঞ্জাৱ এফ চিক গ্ৰুপ ‘ডি’ত স্থান দিয়া হৈছে আৰু দলটোৱে নিজৰ গ্ৰুপৰ সকলো খেল অসমৰ কোকৰাঝাৰ ছাই ষ্টেডিয়ামত খেলিব।
এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ বাবে দলটোৰ মুখ্য প্ৰশিক্ষক পানাজিঅ’টিছ ডিলম্পেৰিছে সকলো ভাৰতীয় খেলুৱৈৰে গঠিত এটা যুৱ দল বাছনি কৰিছে। দলটোৰ ঘোষণা সন্দৰ্ভত মুখ্য প্ৰশিক্ষক ডিলম্পেৰিছে কয়, আমি এটা যুৱ আৰু শক্তিশালী দল বাছনি কৰিছো, য'ত যোৱা ছিজনৰ পৰাই বেছিভাগ খেলুৱৈকে ধৰি ৰখা হৈছে। ইয়াৰ উপৰিও আমি দলটোত বহু একাডেমী খেলুৱৈকো অন্তৰ্ভুক্ত কৰিছো, যিসকলে ৰিজাৰ্ভ আৰু জুনিয়ৰ পৰ্যায়ত ভাল প্ৰদৰ্শন কৰিছে। মই বিশ্বাস কৰোঁ যে আমাৰ এটা সুষম দল আছে যিয়ে প্ৰতিযোগিতাখনত বহু দূৰলৈ যোৱাৰ সম্ভাৱনা আছে আৰু আমি নতুন ছিজনৰ ইতিবাচক আৰম্ভণিৰ বাবে আগ্ৰহী।
ইয়াৰ উপৰিও দলটোত আছে মহম্মদ উৱেইছ আৰু বিজয় ভাৰ্গেজৰ দৰে নতুন খেলুৱৈৰ লগতে ৰাকেশ মেইটেই, যিয়ে কেৰালা ব্লাষ্টাৰছৰ পৰা ঋণৰ সময়সীমা আৰু এটা ছিজনৰ বাবে বৃদ্ধি কৰা হৈছে। যোৱা ছিজনটো গোকুলাম কেৰালা এফ চি (আই-লীগ)ত ঋণত কটোৱা ৰঞ্জিত পাণ্ডেও দললৈ ঘূৰি আহিছে।
ডিলাম্পেৰিছে আয়ুষ দেশৱাল, পৰমবীৰ সিং, মংগেলেনথাং কিপগেন, চিংগাময়ুম ছামি, মহম্মদ সুহাইল, ওমাং ডোদুম, বিশাল যাদৱ আৰু লাইশ্ৰম ৰিশকান্ত মেইটেইকে ধৰি মুঠ ১১ গৰাকী একাডেমী খেলুৱৈক চুক্তিবদ্ধ কৰিছে, যিসকলে যোৱা ছিজনত অভিষেক ঘটায়।
পঞ্জাৱ এফ চিৰ কাৰিকৰী সঞ্চালক নিকোলাওছ টপোলিয়াটিছে কয়, ‘ইমানবোৰ একাডেমী খেলুৱৈৰ চুক্তিবদ্ধ হোৱাটো আমাৰ দৃষ্টিভংগীৰ অংশ, ক্লাবৰ সৈতে বৃদ্ধি পোৱা যুৱক-যুৱতীসকলৰ এক শক্তিশালী ভেটি গঢ়ি তোলা। মই নিশ্চিত যে এই দলটোৱে যোৱা ছিজনতকৈ ভাল কাম কৰিব পাৰিব আৰু মই সকলো খেলুৱৈকে ছিজনৰ এক সুন্দৰ আৰম্ভণিৰ বাবে শুভকামনা জনাইছো।”
পঞ্জাব এফ চি দল:
গ’লৰক্ষক : আয়ুষ দেশৱাল, মুহিত শ্বব্বিৰ, ৰবিকুমাৰ
ডিফেণ্ডাৰ : বিজয় ভাৰ্গেছ, খাইমিংথাং লুংডিম, মানৱ সিং, মহম্মদ উৱাইছ, নংমাইকপাম সুৰেশ মেইটেই, পৰমবীৰ সিং, লিকমাবাম ৰাকেশ মেইটেই, উষাম থোংগাম্বা সিং
মিডফিল্ডাৰ : লিঅ’ন অগাস্টিন, মাংলেন্থাং কিপগেন, নিখিল প্ৰভু, প্ৰিন্সটন ৰেবেলো, ৰিচি শ্বাবং, লাইশ্ৰম ৰিশকান্ত মেইটেই, চিংগামায়ুম শামী, বিনীত ৰায়
ফৰৱাৰ্ড : মহম্মদ সুহাইল এফ, নিন্টোইংগনবা মেইটেই, ওমাং ডোডুম, কনছাম সনাতোই সিং, বিশাল যাদৱ, ৰঞ্জিত সিং পাণ্ডে
পঞ্জাৱ এফ চিয়ে ৩ আগষ্টৰ পৰা কাৰ্বি আংলং মৰ্নিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে ডুৰাণ্ড কাপ অভিযান আৰম্ভ কৰিব। ইয়াৰ পিছত ৬ আগষ্টত ভাৰত-তিব্বত সীমান্ত আৰক্ষী এফ টি আৰু ৯ আগষ্টত বডোলেণ্ড এফ চিৰ বিৰুদ্ধে খেলিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া