এফ টি এ কেৱল অৰ্থনৈতিক লেনদেন নহয়, ই ভাগ-বতৰা সমৃদ্ধিৰ ব্লুপ্ৰিণ্টঃ নৰেন্দ্ৰ মোডী
নতুন দিল্লী, ২৪ জুলাই (হি.স.)। ভাৰত আৰু ব্ৰিটেইনে বৃহস্পতিবাৰে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কত নতুন গতি লাভ কৰিব। এই চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ মাজত বছৰি প্ৰায় ৩৪ বিলিয়ন ডলাৰৰ বাণিজ্য বৃদ্ধি পাব
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটিছ সমকক্ষ কেইৰ ষ্টাৰমাৰ


নতুন দিল্লী, ২৪ জুলাই (হি.স.)। ভাৰত আৰু ব্ৰিটেইনে বৃহস্পতিবাৰে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কত নতুন গতি লাভ কৰিব। এই চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ মাজত বছৰি প্ৰায় ৩৪ বিলিয়ন ডলাৰৰ বাণিজ্য বৃদ্ধি পাব বুলি আশা কৰা হৈছে। এই চুক্তিৰ জৰিয়তে ব্ৰিটেইনত ভাৰতীয় সামগ্ৰীৰ উন্নত বজাৰ পোৱা যাব আৰু আনফালে ভাৰতীয় গ্ৰাহকৰ বাবে ব্ৰিটিছ সামগ্ৰী সস্তা মূল্যত উপলব্ধ হ’ব।

দ্বিপাক্ষিক সম্পৰ্ক সম্প্ৰসাৰণৰ বাবে ব্ৰিটেইনলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই ভ্ৰমণৰ মূল উদ্দেশ্য আছিল ঐতিহাসিক ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিক আনুষ্ঠানিক কৰা। আজি লণ্ডনৰ চেকাৰ্ছ এষ্টেটত প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাই ভিজন ২০৩৫ৰ জৰিয়তে শিক্ষা, প্ৰতিৰক্ষা, প্ৰযুক্তি আৰু জলবায়ুৰ দৰে ক্ষেত্ৰত দীৰ্ঘম্যাদী অংশীদাৰিত্বৰ এক নতুন দিশ প্ৰদান কৰিছে। পৰৱৰ্তী সময়ত এক যৌথ বিবৃতিত দুয়োখন দেশে সন্ত্ৰাসবাদ, গণতান্ত্ৰিক মূল্যবোধ আৰু বিশ্ব শান্তিৰ ক্ষেত্ৰতো একে ধৰণৰ মতামত প্ৰকাশ কৰে।

ব্ৰিটিছ সমকক্ষ কেইৰ ষ্টাৰমাৰৰ সৈতে যৌথ বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্কৰ এয়া এক ঐতিহাসিক দিন। বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰমৰ অন্তত দুয়োখন দেশৰ মাজত এক ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তিত সহমতত উপনীত হৈছে। এই চুক্তি কেৱল অৰ্থনৈতিক সহযোগিতা নহয়, বৰঞ্চ অংশীদাৰী সমৃদ্ধিৰ দিশত এক সুনিৰ্দিষ্ট পদক্ষেপ। তেওঁ কয়, এই চুক্তি কেৱল অৰ্থনৈতিক লেনদেন নহয়, বৰঞ্চ ভাগ-বতৰা কৰা সমৃদ্ধিৰ ব্লুপ্ৰিণ্ট। বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰমৰ অন্তত এই চুক্তিয়ে বাৰ্ষিক দ্বিপাক্ষিক বাণিজ্যক প্ৰায় ৩৪ বিলিয়ন ডলাৰৰ প্ৰসাৰ ঘটাব।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই চুক্তিৰ জৰিয়তে ব্ৰিটিছ বজাৰত ভাৰতীয় বস্ত্ৰ, জোতা, ৰত্ন আৰু গহনা, সাগৰীয় খাদ্য আৰু অভিযান্ত্ৰিক সামগ্ৰীৰ উন্নত সুবিধা লাভ কৰিব। ইয়াৰ সমান্তৰালকৈ কৃষিজাত সামগ্ৰী আৰু প্ৰচেছড খাদ্য উদ্যোগৰ বাবে নতুন সুযোগৰ সৃষ্টি হ’ব। ইয়াৰ পৰা ভাৰতৰ যুৱক-যুৱতী, কৃষক, মাছমৰীয়া আৰু এম এছ এম ই খণ্ডই বিশেষ সুবিধা লাভ কৰিব। মোদীয়ে কয় যে অন্যহাতে চিকিৎসা সঁজুলি আৰু মহাকাশৰ অংশৰ দৰে ব্ৰিটিছ সামগ্ৰী এতিয়া সুলভ মূল্যত ভাৰতত উপলব্ধ হ’ব। ইয়াৰ দ্বাৰা ভাৰতীয় গ্ৰাহক আৰু উদ্যোগসমূহে বিশ্বমানৰ প্ৰযুক্তি আৰু গুণগত মান লাভ কৰিব। তেওঁ কয় যে এই চুক্তিৰ সমান্তৰালকৈ দুয়োখন দেশৰ মাজত ডাবল টেক্সেচন এভয়ডেন্স কনভেনচনৰ ওপৰতো সহমতত উপনীত হৈছে, যিয়ে সেৱা খণ্ডলৈ নতুন শক্তি কঢ়িয়াই আনিব।

প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ বিবৃতিত ভিজন ২০৩৫ৰ কথা উল্লেখ কৰে। ইয়াৰ দ্বাৰা প্ৰযুক্তি, প্ৰতিৰক্ষা, জলবায়ু, শিক্ষা আৰু জনসাধাৰণৰ সংস্পৰ্শৰ দৰে ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বাবে ৰোডমেপ প্ৰস্তুত কৰা হ’ব। তেওঁ জনোৱা মতে ভাৰতত ছখন ব্ৰিটিছ বিশ্ববিদ্যালয়ে কেম্পাছ মুকলি কৰিছে, ইয়াৰে গুৰুগ্ৰামত চাউথ হেম্পটন বিশ্ববিদ্যালয় উদ্বোধন কৰা হৈছে।

আন্তঃৰাষ্ট্ৰীয় বিষয়তো দুয়োখন দেশে একেধৰণৰ চিন্তাধাৰা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় শান্তি আৰু স্থিতিশীলতা, ইউক্ৰেইনৰ সংকট আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ওপৰত আলোচনা অব্যাহত ৰখাৰ কথা কয়। তেওঁ পেহেলগাম আক্ৰমণক গৰিহণা দিয়াৰ বাবে ব্ৰিটিছ চৰকাৰক ধন্যবাদ জনাই পুনৰ কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত দ্বৈত মানদণ্ড গ্ৰহণযোগ্য নহয়।

প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ সম্পৰ্কক ক্ৰিকেটৰ সৈতে তুলনা কৰি কয় যে আমাৰ বাবে ই খেল নহয় বৰঞ্চ এক আবেগ আৰু লগতে আমাৰ অংশীদাৰিত্বৰ এক উপমা। তেওঁ কয়, কেতিয়াবা ছুইং আৰু মিছ হ'ব পাৰে, কিন্তু আমি সদায় ষ্ট্ৰেইট বেটৰ সৈতে খেলো! আমি উচ্চ স্ক'ৰ কৰা কঠিন অংশীদাৰিত্ব গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। যোৱা মাহত গুজৰাটত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত মৃত্যু হোৱা ব্ৰিটিছ নাগৰিকৰ পৰিয়াললৈও প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে।

এক বিবৃতিত প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে এই চুক্তিক ব্ৰেক্সিটৰ পিছত ব্ৰিটেইনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ব্যাপক বাণিজ্যিক চুক্তি বুলি অভিহিত কৰে। ষ্টাৰমাৰে জোৰ দি কয় যে এই অংশীদাৰিত্ব কেৱল ব্যৱসায়িক নহয়, কৌশলগত দৃষ্টিকোণৰ পৰাও ই অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ই অনাগত বছৰবোৰত দুয়োখন দেশৰ মাজৰ সম্পৰ্কক এক নতুন দিশ প্ৰদান কৰিব। তেওঁ কয় যে এই চুক্তিয়ে দুয়োখন দেশৰ বাবে প্ৰচণ্ড সুবিধা কঢ়িয়াই আনিব। ই চাকৰি বৃদ্ধি কৰিব, জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব আৰু সাধাৰণ মানুহৰ পকেটত অধিক ধন সোমাব। ষ্টাৰমাৰে ইয়াক ‘ব্ৰিটেইন ইজ অ’পেন ফৰ বিজনেছ’ৰ এক শক্তিশালী বাৰ্তা বুলি অভিহিত কৰে। তেওঁ কয় যে এই চুক্তিয়ে ব্যৱসায় সস্তা, দ্ৰুত আৰু সহজ কৰি তুলিব। তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্ব আৰু ব্যৱহাৰিক দৃষ্টিভংগীক প্ৰশংসা কৰে।

---------------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande