বিশ্বনাথত ভুৱা সোণসহ দুই সৰবৰাহকাৰীক আটক
বিশ্বনাথ, ০২ জুলাই (হি.স.)। বিশ্বনাথ জিলা আৰক্ষীয়ে নকল সোণ কঢ়িয়াই অনা দুজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাত সফল হৈছে । দুয়োকে চাৰিআলি সদৰ থানা এলেকাৰ প্ৰতাপগড় চাহ বাগিচা ৰেলৱে গেটৰ সমীপত কৰায়ত্ত কৰে । আৰক্ষীৰ মতে, অতিৰিক্ত আৰক্ষী অধীক্ষক দেবৰ্ষী
আটক


বিশ্বনাথ, ০২ জুলাই (হি.স.)। বিশ্বনাথ জিলা আৰক্ষীয়ে নকল সোণ কঢ়িয়াই অনা দুজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাত সফল হৈছে । দুয়োকে চাৰিআলি সদৰ থানা এলেকাৰ প্ৰতাপগড় চাহ বাগিচা ৰেলৱে গেটৰ সমীপত কৰায়ত্ত কৰে ।

আৰক্ষীৰ মতে, অতিৰিক্ত আৰক্ষী অধীক্ষক দেবৰ্ষী চৌধাৰীৰ নেতৃত্বত গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানৰ সময়ত মনাই বিষ্ণুপুৰৰ জাহিৰ আলী আৰু পুৱা মালগাঁৱৰ ছাইফুল ইছলাম নামৰ দুজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ পৰা মুঠ ২.২ কেজি ভুৱা সোণ উদ্ধাৰ কৰা হৈছে।

লগতে আৰক্ষীয়ে চোৰাং ব্যৱসায়ত ব্যৱহাৰ কৰি থকা এএছ ১২ এএ ১৪৩০ নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰিছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে দুয়োজনে দীৰ্ঘদিন ধৰি ভুৱা সোণৰ ব্যৱসায় কৰি সাধাৰণ জনতাক প্ৰতাৰণা কৰি আহিছে।

আৰক্ষীৰ তদন্ত অব্যাহত আছে। এই অবৈধ ব্যৱসায়ৰ সৈতে জড়িত আৰু অধিক লোকক অতি সোনকালে গ্ৰেপ্তাৰ হ'ব পাৰে বুলি আৰক্ষীয়ে জনাইছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande