সাপটগ্ৰাম আঞ্চলিক বন সুৰক্ষা বাহিনীৰ অভিযানত অবৈধ কাঠফলা কল জব্দ
সাপটগ্ৰাম আঞ্চলিক বন সুৰক্ষা বাহিনীৰ অভিযানত এটা অবৈধ কাঠফলা কল জব্দ।
সাপটগ্ৰাম আঞ্চলিক বন সুৰক্ষা বাহিনীৰ অভিযানত অবৈধ কাঠফলা কল জব্দ


ধুবুৰী, ০২ জুলাই (হি.স.): ধুবুৰী জিলাৰ সাপটগ্ৰামৰ চুকে কোনে কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ ভ্ৰাম্যমান কাঠফলা কল। তেনে অবৈধ কাঠফলা কলৰ বিৰুদ্ধে সাপটগ্ৰাম আঞ্চলিক বন সুৰক্ষা বাহিনীৰ অভিযানত যোৱাকালি মঙলবাৰে বিয়লি এটা অবৈধ কাঠফলা কল জব্দ কৰা হয়। ভেলাকোবা ৩য় খণ্ডত অভিযান চলাই অবৈধ কাঠফলা কলটো জব্দ কৰিবলৈ সক্ষম হয়।

অৱশ্যে বন বিভাগৰ দলটোৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে চোৰাং বন মাফিয়া সকল। পিছত জব্দকৃত কাঠফলা কলটো সাপটগ্ৰাম আঞ্চলিক বন কাৰ্যালয়লৈ নিয়ে। দীৰ্ঘ দিনৰে এনে অবৈধ কাঠফল কল সমূহত চোৰাংভাৱে কাঠ ফালি ৰমৰমীয়া ব্যৱসায় চলাই অহা বন মাফিয়া সকলক আটক কৰিবলৈ বন বিভাগক ৰাইজে দাবী জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande