ছিৰিয়াত ইৰাণী সন্ত্ৰাস কোষৰ সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ ইজৰাইলৰ সেনাৰ
ডামাস্কাছ, ০২ জুলাই (হি.স.)। ছিৰিয়াত বিশেষ চোৰাংচোৱা অভিযানৰ অধীনত চলোৱা অভিযানত ইৰাণৰ সন্ত্ৰাসবাদী কোষৰ কেইবাজনো সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে ইজৰাইল সেনাই। এই কোষৰ সদস্যসকলৰ পৰা বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ আৰু গ্ৰেনেড উদ্ধাৰ কৰা হৈছে। আজি পুৱা
আটক


ডামাস্কাছ, ০২ জুলাই (হি.স.)। ছিৰিয়াত বিশেষ চোৰাংচোৱা অভিযানৰ অধীনত চলোৱা অভিযানত ইৰাণৰ সন্ত্ৰাসবাদী কোষৰ কেইবাজনো সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে ইজৰাইল সেনাই। এই কোষৰ সদস্যসকলৰ পৰা বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ আৰু গ্ৰেনেড উদ্ধাৰ কৰা হৈছে। আজি পুৱা এক্স পোষ্টত প্ৰকাশ পোৱা এক চমু তথ্যত ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে এই কথা নিশ্চিত কৰিছে।

ইজৰাইলৰ ‘ৱাই নেট গ্ল’বেল’ নিউজ পৰ্টেলে ইয়াৰ প্ৰতিবেদনত ইয়াৰ বিশদ বিৱৰণ দিছে। ৱাই নেট গ্ল’বেলৰ মতে, আইডিএফে এই সন্ত্ৰাসবাদী কোষটোৰ আত্মগোপনস্থলীও ভাঙি পেলায়। এই কোষৰ সদস্যসকলক ইজৰাইল সেনাৰ মানৱ চোৰাংচোৱা শাখা ইউনিট ৫০৪ৰ ফিল্ড অপাৰেটিভৰ সহায়ত গোলানি ব্ৰিগেড বাহিনীয়ে গ্ৰেপ্তাৰ কৰে। উম আল-লাক্স আৰু আইন আল-বাটছালি অঞ্চলৰ পৰা এই সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হয়।

এই অভিযানৰ সৈতে জড়িত ৪৭৪ নং ব্ৰিগেডৰ বেটেলিয়ন কমাণ্ডাৰ লেফটেনেণ্ট কৰ্ণেল (অৱসৰপ্ৰাপ্ত) এম.য়ে কয় যে আমাৰ অভিযানৰ আন এটা নিশা সফল হ’ল। ইৰাণৰ পৰা অহা সন্ত্ৰাসবাদী উপাদানৰ উপস্থিতি বন্ধ কৰাৰ অভিযান অব্যাহত থাকিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande