হামাছৰ গাজা যুদ্ধবিৰতিৰ প্ৰতি তৎপৰতা, ট্ৰাম্প সমৰ্থিত প্ৰস্তাৱৰ পৰা দুৰত্ব
- ইজিপ্ত আৰু কাটাৰৰ সৈতে আলোচনা অব্যাহত কায়ৰো, ০২ জুলাই (হি.স.)। হামাছে বুধবাৰে ইজৰাইলৰ সৈতে সম্ভাৱ্য যুদ্ধবিৰতি চুক্তিৰ বাবে সাজু বুলি ইংগিত দিছিল যদিও আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সমৰ্থিত প্ৰস্তাৱ সম্পূৰ্ণৰূপে মানি লোৱা নাই। হা
সন্ত্ৰাসবাদী গোট হামাছ (ফাইল ফটো)


- ইজিপ্ত আৰু কাটাৰৰ সৈতে আলোচনা অব্যাহত

কায়ৰো, ০২ জুলাই (হি.স.)। হামাছে বুধবাৰে ইজৰাইলৰ সৈতে সম্ভাৱ্য যুদ্ধবিৰতি চুক্তিৰ বাবে সাজু বুলি ইংগিত দিছিল যদিও আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সমৰ্থিত প্ৰস্তাৱ সম্পূৰ্ণৰূপে মানি লোৱা নাই। হামাছে পুনৰ কয় যে গাজাত চলি থকা যুদ্ধৰ সম্পূৰ্ণৰূপে অন্ত পেলোৱা চুক্তিখনহে তেওঁলোকে মানি ল’ব।

ইয়াৰ এদিন পূৰ্বে ট্ৰাম্পে ঘোষণা কৰিছিল যে ইজৰাইলে ৬০ দিনৰ যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে আৰু তেওঁ হামাছক এই প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ আবেদন জনাইছিল। ট্ৰাম্পে কয় যে এই দুমাহৰ সময়সীমা যুদ্ধৰ অন্ত পেলোৱাৰ দিশত কাম কৰা হ’ব যদিও ইজৰাইলে কয় যে হামাছ সম্পূৰ্ণৰূপে পৰাস্ত নোহোৱালৈকে যুদ্ধৰ অন্ত পেলাব নোৱাৰি।

হামাছৰ জ্যেষ্ঠ বিষয়া তাহেৰ আল নুনুৱে কয় যে আমি চুক্তিত উপনীত হ’বলৈ সাজু আৰু গভীৰ। তেওঁ স্পষ্ট কৰি দিলে যে হামাছে যিকোনো প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে “যিটোৱে স্পষ্টভাৱে যুদ্ধ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে।”

সূত্ৰ অনুসৰি, বুধবাৰে সন্ধিয়া (স্থানীয় সময় অনুসৰি) কায়ৰোত হামাছৰ এটা প্ৰতিনিধি দলে ইজিপ্ত আৰু কাটাৰৰ মধ্যস্থতাকাৰীক সাক্ষাৎ কৰি এই প্ৰস্তাৱৰ বিষয়ে বিতংভাৱে আলোচনা কৰিব। ইজিপ্তৰ এজন বিষয়াই নাম প্ৰকাশ নকৰাকৈয়ে কয় যে এই আলোচনাসমূহ সংবাদ মাধ্যমৰ পৰা গোপনীয় কৰি ৰখা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande