পাকিস্তানৰ বানত ১৭৮ জন লোকৰ মৃত্যু, কেচা আৰু পকা ঘৰ ভাঙি যোৱাৰ ফলত হাজাৰ হাজাৰ লোক গৃহহীন
ইছলামাবাদ, ১৮ জুলাই (হি.স.)। পাকিস্তানৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, দেশত হোৱা বাৰিষাৰ প্ৰবল বৰষুণৰ মাজতে অহা বানপানীৰ ফলত বৃহৎ লোকচান হৈছে। কেচা আৰু পকা ঘৰ ভাঙি যোৱাৰ ফলত হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰে। ২৬ জুনৰ পৰা ১৭ জুলাইৰ ন
পাকিস্তানৰ বানত ১৭৮ জন লোকৰ মৃত্যু


ইছলামাবাদ, ১৮ জুলাই (হি.স.)। পাকিস্তানৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, দেশত হোৱা বাৰিষাৰ প্ৰবল বৰষুণৰ মাজতে অহা বানপানীৰ ফলত বৃহৎ লোকচান হৈছে। কেচা আৰু পকা ঘৰ ভাঙি যোৱাৰ ফলত হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰে। ২৬ জুনৰ পৰা ১৭ জুলাইৰ নিশালৈকে সমগ্ৰ দেশতে ১৭৮ জন লোকে প্ৰাণ হেৰুৱাই ৪৯১ জন লোক আহত হয়।

এন ডি এম এৰ উদ্ধৃতি দি এ আৰ ৱাই নিউজ চেনেলে প্ৰকাশ কৰা অনুসৰি পঞ্জাব প্ৰদেশত সৰ্বাধিক লোকৰ মৃত্যু হৈছে ১০৩ জন।খাইবাৰ পাখতুনখোৱা প্ৰদেশত ৩৮ জন, সিন্ধ প্ৰদেশত ২০ জন আৰু বেলুচিস্তান প্ৰদেশত ১৬ জন লোকৰ মৃত্যু হৈছে। এন ডি এম এ-এ কয় যে ঘৰ-দুৱাৰ ভাঙি যোৱাৰ গতিবেগে আৰু অধিক বৃদ্ধি কৰিছে সংকট। পৰিৱৰ্তিত বতৰে কেৱল গৰমৰ পৰা সকাহ দিছে। ইফালে ৰাৱালপিণ্ডিত বৰষুণ স্তৱ্ধ হৈছে।

ডন কাকতত প্ৰকাশ পোৱা তথ্য অনুসৰি পঞ্জাৱ প্ৰভিন্সিয়েল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে আজি প্ৰকাশ কৰা অনুসৰি সিন্ধু নদীয়ে পঞ্জাৱৰ কলাবাঘত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বৰষুণৰ মাজত হিমবাহ গলি যোৱাৰ ফলত সিন্ধু নদীৰ চাৰিটা উপকূলীয় জনবসতিপূৰ্ণ অঞ্চলত বানপানীৰ পানী প্ৰৱেশ কৰিছে। সমগ্ৰ প্ৰদেশখনতে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ লগতে কমেও ৬৩ জন লোকৰ প্ৰাণ কাঢ়ি নিলে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande