পাকিস্তানৰ বেলুচিস্তানত সন্ত্ৰাসবাদী আক্ৰমণত ডি এছ পি নিহত, আহত তিনিজন
ইছলামাবাদ, ১৮ জুলাই (হি.স.)। বেলুচিস্তান প্ৰদেশৰ মাষ্টুং জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি বেলুচিস্তান আৰক্ষীৰ এখন বাহনত নিৰ্বিচাৰে গুলীচালনা কৰে অচিনাক্ত অস্ত্ৰধাৰী লোকে। এই গুলীচালনাত এজন উপ-আৰক্ষী অধীক্ষক নিহত হোৱাৰ লগতে আন তিনিজন আহত হয়। আহতসকলৰ অৱস্থ
পাকিস্তানৰ বেলুচিস্তানত সন্ত্ৰাসবাদী আক্ৰমণত ডি এছ পি নিহত, আহত তিনিজন


ইছলামাবাদ, ১৮ জুলাই (হি.স.)। বেলুচিস্তান প্ৰদেশৰ মাষ্টুং জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি বেলুচিস্তান আৰক্ষীৰ এখন বাহনত নিৰ্বিচাৰে গুলীচালনা কৰে অচিনাক্ত অস্ত্ৰধাৰী লোকে। এই গুলীচালনাত এজন উপ-আৰক্ষী অধীক্ষক নিহত হোৱাৰ লগতে আন তিনিজন আহত হয়। আহতসকলৰ অৱস্থা সংকটজনক। সেয়ে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

ডন কাকতৰ খবৰ অনুসৰি প্ৰাদেশিক চৰকাৰৰ মুখপাত্ৰ শ্বাহিদ ৰিন্দৰ মতে, প্ৰাৰম্ভিক বাতৰি অনুসৰি অস্ত্ৰধাৰী লোকে উপ-আৰক্ষী অধীক্ষকৰ বাহনখনক লক্ষ্য কৰি লৈছিল। ৰাষ্ট্ৰীয় ঘাইপথৰ মাষ্টুঙৰ চোটো অঞ্চলৰ সমীপত আৰক্ষীৰ বাহনখনত গুলীচালনা কৰে আক্ৰমণকাৰীয়ে। ৰিণ্ডে জনোৱা মতে, আক্ৰমণকাৰীক আটক কৰিবলৈ অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে। চোটোলৈ প্ৰেৰণ কৰা হৈছে নিৰাপত্তা বাহিনী।

জিঅ’ নিউজৰ তথ্য অনুসৰি আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰিছে অঞ্চলটো। প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আৰক্ষী বিষয়াগৰাকীৰ লগতে আন লোকৰ শ্বহীদ হোৱাত শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখযোগ্য যে দুদিন পূৰ্বে বেলুচিস্তানৰ আৱৰণ জিলাত পাকিস্তানী সেনাৰ মেজৰ চৈয়দ ৰাবনাৱাজ তাৰিকক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল। এই গুলীচালনাত কমেও তিনিজন লোকৰ মৃত্যু হয়। ডন কাকতৰ এই খবৰৰ আগতেই যোৱা ৭ জুলাইত বেলুচিস্তানৰ নাছিৰাবাদ জিলাত ঘাইপথ আৰক্ষীৰ এখন বাহনত আক্ৰমণ চলাই তিনিজন আৰক্ষী জোৱান আহত হৈছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande