শ্ৰীভূমি, ১৬ জুলাই (হি.স.)। কুছিয়াৰা নদীৰ পৰা উদ্ধাৰ অচিনাকী ব্যাক্তিৰ মৃতদেহ। আজি পুৱতি নিশা ভাৰত-বাংলাদেশ সীমান্তৰ কুছিয়াৰা নদীৰ পৰা এটা অচিনাকী মৃতদেহ উদ্ধাৰ কৰে সীমান্তৰক্ষী বাহিনীয়ে মৃতদেহটো এজন পুৰুষৰ বুলি জানিব পৰা গৈছে।
এই অচিনাকী মৃতদেহটো শ্ৰীভূমি চহৰৰ গাতে লাগি থকা এখন গাওঁ জৱাইনপুৰ বি এছ এফৰ সীমা চৌকি,ৰ সমীপত কুছিয়াৰা নদীত ওপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি সীমান্তৰক্ষী বাহিনীক জনায়। পিছে শ্ৰীভূমিৰ সদৰ থানাৰ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে যৌথভাৱে এই অচিনাক্ত মৃতদেহটো জৱাইনপুৰৰ কুছিয়াৰা নৈৰ পৰা উদ্ধাৰ কৰি শ্ৰীভূমি চহৰৰ বিসৰ্জন ঘাটলৈ লৈ আহে। পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অৱশ্যে এই মৃতদেহটোৰ কোনো পৰিচয় সীমান্তৰক্ষী আৰু জিলা আৰক্ষী প্ৰশাসনে উদ্ধাৰ কৰিব পৰা নাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা