বাক্সা,১৬ জুলাই (হি.স.)। বাক্সা জিলাৰ মুছলপুৰত আজি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিয়ে বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে । শৰণীয়া কছাৰীক পূৰ্বৰ দৰে কছাৰী জাতি হিচাপে জনজাতি প্ৰমানপত্ৰ প্ৰদান, পূৰ্বৰ ১৯৬১ চনৰ লোকপিয়লৰ দৰে এইবাৰ লোকপিয়লত শৰণীয়া কছাৰীক শৰণীয়া কছাৰী হিচাপে অন্তৰ্ভুক্ত কৰণ আৰু স্বায়ত্ব শাসিত পৰিষদ প্ৰদানৰ দাবীত চাৰি শতাধিক শৰণীয়া কছাৰী জনগোষ্ঠীৰ পুৰুষ মহিলাই ধৰ্ণা প্ৰতিবাদেৰে উত্তাল কৰি তোলে ৷
মুছলপুৰ দূৰ্গা মন্দিৰ প্ৰাংগণত প্ৰখৰ ৰ'দক নেওচি নিজৰ সমস্যা সমাধানৰ দাবীত ধৰ্ণা দিয়ে ৷ প্ৰতিবাদকাৰীসকলে
আমাৰ দাবা নায্য দাবী, শৰনীয়া কছাৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰ নচলিব, শৰনীয়া কছাৰী বিৰোধী চক্ৰ হুচিয়াৰ, স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰক, শৰনীয়া কছাৰী ঐক্য জিন্দাবাদ, নো চল্যুচন নো ৰেষ্ট, বিৰোধী চক্ৰ নিপাত যাওক, ভিক্ষা নহয় অধিকাৰ লাগে ইত্যাদি শ্লোগানেৰে পৰিৱেশ কপাই তোলে ৷ দাবী মানি নললে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা