শেহতীয়া ধনশিৰিৰ বানৰ কৱলত পৰি অচিন ৰোগত ফিচাৰীতে মৰি গৈছে মাছ।
গোলাঘাট, ১৬ জুলাই (হি.স.): মৎস্য উৎপাদনত বৰ্তমান দেশৰ শীৰ্ষৰ চতুৰ্থখন ৰাজ্য হিচাপে অসমে স্থান লাভ কৰিছে । সেই একে সময়তে গোলাঘাট জিলাৰ মৰঙিত মৎস্য পালকে ক্ৰন্দন কৰিব লগীয়া হৈছে। বহু আশাৰে নিজ ভূমিত ফিচাৰী খান্দি মৎস্য পালনৰ দ্বাৰা স্বাৱলম্বী হোৱাৰ সপোন দেখা কৃষকৰ চকুত এতিয়া চকুপানী বিৰাজ কৰিছে । মৎস্য উৎপাদনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন এতিয়া কলিতে মৰহিছে নুমলীগড়ৰ মৰঙি মৌজাৰ মিঠাআম চাপৰি অঞ্চলৰ মৎস্য পালকৰ।
মৎস্য উৎপাদনৰ বাবে বছৰি মাছ পালন কৰি এতিয়া চকুলো টুকিবলগীয়া হৈছে। শেহতীয়াকৈ আহাৰমহীয়া ধনশিৰিৰ বানত অচিন ৰোগত আক্ৰান্ত হৈ মৰিছে বৃহদাকাৰ ফিচাৰিৰ মাছবোৰ। ফিচাৰিত ওপঙি ৰৈছে প্ৰায় ২ ৰ পৰা তিনি চাৰি কেজি ওজনৰ একো একোটা বিভিন্ন প্ৰজাতিৰ মাছ। ডাঙৰ এনে মাছবোৰ অচিন ৰোগত আক্রান্ত হৈ মৰাত ভাঙি পৰিছে মৎস্য পালকসকল । মাছ সমূহ এনে দৰে মৰি যোৱাত এতিয়া মূৰে কপালে হাত দিব লগীয়া হৈছে মৎস্য পালক সকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ