লক্ষ্ণৌ, ১৬ জুলাই (হি.স.)। অবৈধ ধৰ্মান্তৰকৰণ গোচৰত বলৰামপুৰ জিলাৰ পৰা গ্ৰেপ্তাৰ হোৱা জালালুদ্দিন ওৰফে চাংগুৰ বাবা আৰু তেওঁৰ সহযোগী নীতু ওৰফে নাছৰিনক আজি এ টি এছ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পূৰ্বে বুধবাৰে এ টি এছে দুয়োৰে স্বাস্থ্য় পৰীক্ষা কৰাইছিল। এই সময়ত চাংগুৰে সাংবাদিকৰ আগত কয় যে তেওঁ নিৰ্দোষী।
উত্তৰ প্ৰদেশৰ এ টি এছৰ দলটোৱে অবৈধ ধৰ্মান্তৰকৰণৰ মূল অভিযুক্ত চাংগুৰ আৰু নাছৰিনক চৰকাৰী স্বাস্থ্য কেন্দ্ৰলৈ লৈ আহে চিকিৎসা পৰীক্ষাৰ বাবে। দুয়োকে বুধবাৰে এ টি এছৰ বিশেষ আদালতত হাজিৰ কৰোৱাৰ ব্য়ৱস্থা কৰা হয়। আজি তেওঁলোকৰ ৰিমাণ্ডৰ অন্ত পৰিল। ৰিমাণ্ডত জেৰাৰ সময়ত এ টি এছে দুয়োৰে পৰা অবৈধ ধৰ্মান্তৰকৰণ, বিদেশী পুঁজিৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে। এ টি এছে অভিযুক্তক আদালতত হাজিৰ কৰি জেৰাৰ বাবে ৰিমাণ্ড বৃদ্ধিৰ দাবী জনাব। ইডিয়ে দুয়োকে বিদেশী পুঁজিৰ বিষয়েও প্ৰশ্ন কৰিব। আদালতত হাজিৰ হোৱাৰ পূৰ্বে দুয়োৰে কমিউনিটি হেল্থ চেণ্টাৰত চিকিৎসা পৰীক্ষা কৰা হৈছে। এই সময়ত নিৰাপত্তাৰ ব্যাপক ব্যৱস্থা কৰা হৈছিল। মেডিকেলৰ সময়ত সাংবাদিকসকলে যেতিয়া চাংগুৰক অবৈধ ধৰ্মান্তৰকৰণৰ বিষয়ে সোধাত তেওঁ কয় যে তেওঁ নিৰ্দোষী।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া