পাটনা, ১৭ জুলাই (হি.স.)। বিহাৰৰ নীতিশ চৰকাৰে ৰাজ্যৰ ১ কোটি ৬৭ লাখ বিদ্যুৎ গ্ৰাহকক বৃহৎ উপহাৰ দিছে। ৰাজ্য চৰকাৰে প্ৰতিমাহে ১২৫ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিছে।
আজি পুৱা এক্সত পোষ্ট কৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই ঘোষণা কৰে। তেওঁ কয়, আমি আৰম্ভণিৰে পৰা সকলোকে সস্তা হাৰত বিদ্যুৎ যোগান ধৰি আহিছো। এতিয়া আমি সিদ্ধান্ত লৈছো যে ২০২৫ চনৰ ১ আগষ্টৰ পৰা অৰ্থাৎ জুলাই মাহৰ বিলৰ পৰা ৰাজ্যৰ সকলো ঘৰুৱা গ্ৰাহকে ১২৫ ইউনিটলৈকে বিদ্যুতৰ বাবে কোনো ধৰণৰ ধন দিব নালাগিব। ইয়াৰ দ্বাৰা ৰাজ্যৰ মুঠ ১ কোটি ৬৭ লাখ পৰিয়াল উপকৃত হ'ব।
মুখ্যমন্ত্রী নীতিশ কুমাৰে কয়, আমি এইটোও সিদ্ধান্ত লৈছো যে অহা তিনি বছৰত এই সকলো ঘৰুৱা গ্ৰাহকৰ পৰা সন্মতি লৈ তেওঁলোকৰ ঘৰৰ চাদত বা নিকটতম ৰাজহুৱা স্থানত সৌৰ শক্তি কেন্দ্ৰ স্থাপন কৰি সুবিধা প্ৰদান কৰা হ'ব। কুটিৰ জ্যোতি যোজনাৰ অধীনত অতি দৰিদ্ৰ পৰিয়ালৰ বাবে সৌৰ শক্তি কেন্দ্ৰ স্থাপনৰ সমগ্ৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব আৰু বাকী থকা ধনৰ বাবেও উপযুক্ত সহায় আগবঢ়াব।
ইয়াৰ বাবে এতিয়া ঘৰুৱা গ্ৰাহকে ১২৫ ইউনিট পৰ্যন্ত বিদ্যুতৰ বাবে একো খৰচ কৰিব নালাগিব, আৰু অনুমান অনুসৰি অহা তিনি বছৰত ৰাজ্যখনত ১০ হাজাৰ মেগাৱাট পৰ্যন্ত সৌৰশক্তি উপলব্ধ হ’ব।''
हिन्दुस्थान समाचार / Monoj Kumar Saikia