দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই উদ্বোধন কৰিলে ঠাকুৰ প্ৰেক্ষাগৃহ, সুৰক্ষাৰ মানদণ্ডৰ ওপৰত বিশেষ গুৰুত্ব
নতুন দিল্লী, ১৬ জুলাই (হি.স.)। বুধবাৰে দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক যোগেশ সিঙে কলা অনুষদৰ চৌহদত অৱস্থিত সংস্কাৰিত ঠাকুৰ প্ৰেক্ষাগৃহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। বিশ্ববিদ্যালয়খনৰ নিৰন্তৰ সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয
दिल्ली विश्वविद्यालय के कुलपति प्रो. योगेश सिंह बुधवार को आर्ट्स फैकल्टी परिसर में स्थित नवीनीकृत टैगोर हॉल का उद्घाटन करते हुए


নতুন দিল্লী, ১৬ জুলাই (হি.স.)। বুধবাৰে দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক যোগেশ সিঙে কলা অনুষদৰ চৌহদত অৱস্থিত সংস্কাৰিত ঠাকুৰ প্ৰেক্ষাগৃহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। বিশ্ববিদ্যালয়খনৰ নিৰন্তৰ সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে সময়ৰ লগে লগে সকলো সুবিধা আধুনিক ৰূপত পুনৰ নিৰ্মাণ কৰাটো প্ৰয়োজনীয়। এই ক্ৰমত শংকৰ লাল হল আৰু ঠাকুৰ হলৰ সংস্কাৰৰ কাম সম্পূৰ্ণ হোৱাৰ বিপৰীতে অন্যান্য আন্তঃগাঁথনিৰ সুবিধাসমূহৰ উন্নয়নৰ কাম চলি আছে।

অধ্যাপক সিঙে কয় যে দিল্লী বিশ্ববিদ্যালয় এখন ১০৩ বছৰীয়া শিক্ষানুষ্ঠান আৰু ইয়াক নতুন সাঁচত ঢালি, সজাই পৰাই ভালকৈ চলোৱাটো আমাৰ সকলোৰে দায়িত্ব। ইয়াৰ বাবে বিশ্ববিদ্যালয়খনৰ সকলো ডাঙৰ ডাঙৰ অট্টালিকা, হল আৰু পুথিভঁৰাল পদ্ধতিগতভাৱে সংস্কাৰ কৰা হৈছে।

ঠাকুৰ হল উদ্বোধনৰ পিছতে বিশ্ববিদ্যালয়খনৰ কলা অনুষদ এলেকাত চলি থকা নিৰ্মাণ কাৰ্য্যও পৰিদৰ্শন কৰে উপাচাৰ্যগৰাকীয়ে। বিষয়াসকলৰ সৈতে খোজ কাঢ়ি গৈ পথৰ পৰা অট্টালিকাসমূহৰ আশে-পাশে থকা অঞ্চলসমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰে।

পৰিদৰ্শনৰ সময়ত উপাচাৰ্যগৰাকীয়ে সুৰক্ষাৰ মানদণ্ডৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ কথাও কয়। তেওঁ অভিযান্ত্ৰিক বিভাগক স্পষ্ট নিৰ্দেশনা দিছিল যে সকলো অট্টালিকাৰ চাৰিওফালে বহল কোণত অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰৱেশ নিশ্চিত কৰক, যাতে কোনো জৰুৰীকালীন অৱস্থাত সাহায্য আৰু উদ্ধাৰ অভিযানত কোনো বাধা নাথাকে।

এই উপলক্ষে দক্ষিণ কেম্পাছৰ সঞ্চালক অধ্যাপক ৰজনী আব্বি, পঞ্জীয়ক ড০ বিকাশ গুপ্তা, বিত্ত বিষয়া গিৰীশ ৰঞ্জন, এন চি ডব্লিউ ই বিৰ সঞ্চালক অধ্যাপিকা গীতা ভাট, মুখ্য অভিযন্তা অশোক ছাইনী, এক্স ই এন ৰাজেন্দ্ৰ সোলংকীকে ধৰি বহু বিশ্ববিদ্যালয়ৰ বিষয়াও উপস্থিত থাকে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande