‘ডন-৩’ৰ খলনায়কৰ চৰিত্ৰৰ পৰা বিক্ৰান্ত মেছিৰ নাম প্ৰত্যাহাৰ
আগন্তুক সময়ত ৰণবীৰ সিঙক বহু ডাঙৰ ডাঙৰ ছবিত দেখা যাব, ইয়াৰে আটাইতকৈ অপেক্ষাৰত ছবিখন হ’ল বিখ্যাত ‘ডন’ ফ্ৰেঞ্চাইজিৰ ছিকুৱেল। ইয়াৰ পূৰ্বে এই ছবিখনত কিয়াৰা আদৱানীক ৰণবীৰৰ বিপৰীতে দেখা যাবলৈ ওলাইছিল যদিও শেহতীয়াকৈ গৰ্ভধাৰণৰ খবৰ ওলোৱাৰ পাছতে কিয়াৰা আদ
বিক্ৰান্ত মেছি


আগন্তুক সময়ত ৰণবীৰ সিঙক বহু ডাঙৰ ডাঙৰ ছবিত দেখা যাব, ইয়াৰে আটাইতকৈ অপেক্ষাৰত ছবিখন হ’ল বিখ্যাত ‘ডন’ ফ্ৰেঞ্চাইজিৰ ছিকুৱেল। ইয়াৰ পূৰ্বে এই ছবিখনত কিয়াৰা আদৱানীক ৰণবীৰৰ বিপৰীতে দেখা যাবলৈ ওলাইছিল যদিও শেহতীয়াকৈ গৰ্ভধাৰণৰ খবৰ ওলোৱাৰ পাছতে কিয়াৰা আদৱানী ছবিখন ত্যাগ কৰাৰ সিদ্ধান্ত লয়। এতিয়া শেহতীয়া খবৰ অনুসৰি খলনায়কৰ চৰিত্ৰত নিৰ্বাচিত হোৱা বিক্ৰান্ত মেছিয়েও ‘ডন-৩’ৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে।

শেহতীয়াকৈ চলচ্চিত্ৰ জগতত বহু চৰ্চা চলিছিল যে বিক্ৰান্ত মেছিই ‘ডন-৩’ত প্ৰৱেশ কৰিছে আৰু তেওঁ ছবিখনত ৰণবীৰ সিঙৰ বিপৰীতে এজন শক্তিশালী খলনায়কৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। ৰণবীৰ আৰু বিক্ৰান্তৰ সংঘৰ্ষক লৈ দৰ্শকৰ মাজত প্ৰচণ্ড উৎসাহৰ সৃষ্টি হৈছিল। অৱশ্যে শেহতীয়া আপডেটটোৱে অনুৰাগীসকলক হতাশ কৰিছে। খবৰ অনুসৰি বিক্ৰান্তই ‘ডন ৩’ৰ পৰা নিজকে পৃথক কৰিছে। কোৱা হৈছে যে চিত্ৰনাট্য পঢ়াৰ পিছত তেওঁৰ চৰিত্ৰত গভীৰতা আৰু প্ৰভাৱৰ অভাৱ অনুভৱ কৰিছিল। লগতে তেওঁ কিছু পৰিৱৰ্তনৰ দাবী জনাইছিল, যিবোৰ পূৰণ কৰিব পৰা নগ’ল। এইবোৰ কাৰণতে তেওঁ এই ভূমিকা এৰি যোৱাৰ সিদ্ধান্ত লয়। এতিয়া ছবিখনৰ বাবে নিৰ্মাতাসকলে নতুন খলনায়ক বিচাৰিব লাগিব, আনহাতে বিক্ৰান্তৰ ঠাইত কোনে ল’ব সেয়া জানিবলৈ দৰ্শকে কৌতুহলী।

বিক্ৰান্ত মেছিয়ে ছবিখনৰ পৰা বাহিৰ হোৱাৰ পিছত দৰ্শকৰ মনত দ্ৰুতগতিত চলি থকা প্ৰশ্নটো হ’ল ‘ডন-৩’ৰ নতুন খলনায়ক কোন হ’ব। খবৰ অনুসৰি এতিয়া প্ৰযোজকসকলে খলনায়কৰ চৰিত্ৰৰ বাবে আদিত্য ৰায় কাপুৰ আৰু বিজয় দেৱেৰাকোণ্ডাৰ নাম লৈ গুৰুত্বসহকাৰে বিবেচনা কৰিছে। দুয়োজন অভিনেতাই ছবিখনৰ চিত্ৰনাট্য ভাল পাইছে যদিও কোনো এটা নামক লৈ এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। ‘ডন-৩’ত ৰনবীৰ সিঙৰ বিপৰীতে দেখা যাব কৃতি ছাননক। এইবাৰ ডাঙৰ পৰ্দাত দেখা যাব ৰণবীৰ আৰু কৃতিৰ যুটি।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande