প্ৰিয়দৰ্শনৰ ‘হেইৱান’ত একেলগে দেখা যাব অক্ষয় কুমাৰ আৰু ছৈফ আলী খানক
কিছুদিন পূৰ্বে অক্ষয় কুমাৰ আৰু ছৈফ আলী খানক প্ৰায় ১৭ বছৰৰ পাছত আকৌ এবাৰ ডাঙৰ পৰ্দাত একেলগে দেখা যাব বুলি চৰ্চা চলিছিল। এতিয়া এই খবৰটো চিনেমাখনৰ পৰিচালক প্ৰিয়দৰ্শনে নিজেই নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে প্ৰিয়দৰ্শনে ‘হেৰা ফেৰী’ আৰু ‘ভূল ভুলাইয়া’ৰ দৰে
অক্ষয় কুমাৰ আৰু ছৈফ আলী খানক


কিছুদিন পূৰ্বে অক্ষয় কুমাৰ আৰু ছৈফ আলী খানক প্ৰায় ১৭ বছৰৰ পাছত আকৌ এবাৰ ডাঙৰ পৰ্দাত একেলগে দেখা যাব বুলি চৰ্চা চলিছিল। এতিয়া এই খবৰটো চিনেমাখনৰ পৰিচালক প্ৰিয়দৰ্শনে নিজেই নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে প্ৰিয়দৰ্শনে ‘হেৰা ফেৰী’ আৰু ‘ভূল ভুলাইয়া’ৰ দৰে ছুপাৰহিট ছবি পৰিচালনা কৰিছিল, এতিয়া তেওঁ এই ৰোমাঞ্চকৰ থ্ৰিলাৰ ছবিখন পৰিচালনা কৰিব। ইয়াৰ লগতে তেওঁ ছবিখনৰ শিৰোনামও উন্মোচন কৰিছে।

তেওঁৰ নতুন ছবি ‘হেইৱান’ৰ কথা ঘোষণা কৰি ইনষ্টাগ্ৰামত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে পৰিচালক প্ৰিয়দৰ্শনে। অক্ষয় কুমাৰ আৰু ছৈফ আলী খানৰ এখন পুৰণি স্মৰণীয় ছবি শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখিছে, অক্ষয় কুমাৰ আৰু ছৈফ আলী খানৰ সৈতে মোৰ পৰৱৰ্তী ছবি হ'ল 'হেইৱান'। কোৱা হৈছে যে ছবিখনৰ চিত্ৰনাট্য সম্পূৰ্ণ হৈছে আৰু আগষ্টৰ পৰা ইয়াৰ শ্বুটিং আৰম্ভ হ’ব। এই থ্ৰিলাৰ ছবিখন অহা বছৰৰ মাজভাগলৈকে ছবিগৃহত মুক্তি পাব পাৰে যদিও মুক্তিৰ তাৰিখৰ আনুষ্ঠানিক ঘোষণা এতিয়াও কৰা হোৱা নাই। বহুদিনৰ মূৰত একত্ৰিত হোৱা অক্ষয়-ছৈফৰ এই যুটিটোৱে দৰ্শকৰ মাজত প্ৰচণ্ড উত্তেজনাৰ সৃষ্টি কৰিছে।

অক্ষয় কুমাৰ আৰু ছৈফ আলী খানক শেষবাৰৰ বাবে ডাঙৰ পৰ্দাত একেলগে দেখা গৈছিল ২০০৮ চনৰ ‘তাশন’ ছবিত। এই একচন-কমেডী ছবিখনত কৰীনা কাপুৰ আৰু অনিল কাপুৰেও তেওঁলোকৰ সৈতে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ পৰিচালক বিজয় কৃষ্ণ আচাৰ্যই। ইয়াৰ পূৰ্বেও অক্ষয় আৰু ছাইফে বহু হিট ছবিত একেলগে কাম কৰি তেওঁলোকৰ যুটিটো দৰ্শকে ভাল পাইছে। ইয়াৰ ভিতৰত আছে, ‘মে খিলাদি তু অনাৰি’ (১৯৯৪) ‘য়েহ দিল্লাগী’ (১৯৯৪), ‘তু চোৰ মে ছিপাহী’ (১৯৯৬), ‘কীমত’ (১৯৯৮) । এতিয়া বছৰ বছৰ পিছত দুয়োগৰাকী ছুপাৰষ্টাৰক পুনৰ এবাৰ একেলগে দেখা যাব ‘হেইৱান’ ছবিখনত, যাৰ বিষয়ে অনুৰাগীৰ মাজত যথেষ্ট উত্তেজনা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande