জম্মু, ১৫ জুলাই (হি.স.)। কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজতে ৬,৩৮৮ জন তীৰ্থযাত্ৰীৰ ১৪ নং দল এটা আজি মঙলবাৰে কাশ্মীৰ উপত্যকালৈ ৰাওনা হৈছে। আজি পুৱা ২৪৮খন বাহনৰ কনভয়ত তীৰ্থযাত্ৰীসকলে অৱস্থান শিৱিৰ (বেছ কেম্প)ৰ পৰা ওলাই যায়। এই বেটচত ৪৮৮৬ জন পুৰুষ, ১৩০৮ জন মহিলা, ১৫ জন শিশু, ১৫৮ জন সাধু আৰু ২১ জন সাধ্বী আছিল।
আজি পুৱা যাত্ৰা কৰা মুঠ ৬৩৮৮ জন তীৰ্থযাত্ৰীৰ ভিতৰত ২৫০১ জন তীৰ্থযাত্ৰীয়ে বালতাল অৱস্থান শিৱিৰলৈ আৰু ৩৮৮৭ জন পেহেলগাম অৱস্থান শিৱিৰলৈ ৰাওনা হয়। ইয়াৰ পৰাই তেওঁলোকে পবিত্ৰ গুহালৈ পৰৱৰ্তী যাত্ৰাৰ বাবে ৰাওনা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া