কাইলৈ বকোৰ বনগাওঁত কংগ্ৰেছৰ কৰ্মীসভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গেই,উৎসাহিত কংগ্ৰেছ কৰ্মী
গুৱাহাটী, ১৫ জুলাই (হি.স.)। কাইলৈ অসম কংগ্ৰেছৰ এক দলীয় সভাত অংশগ্ৰহণ কৰিব দলটোৰ শীৰ্ষ নেতৃত্ব ক্ৰমে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ দুই শীৰ্ষনেতাই কাইলৈ গুৱাহাটীত উপস্থিত হৈ বকো-ছয়গাঁ
কাইলৈ বকোৰ বনগাওঁত কংগ্ৰেছৰ কৰ্মীসভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গেই


গুৱাহাটী, ১৫ জুলাই (হি.স.)। কাইলৈ অসম কংগ্ৰেছৰ এক দলীয় সভাত অংশগ্ৰহণ কৰিব দলটোৰ শীৰ্ষ নেতৃত্ব ক্ৰমে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ দুই শীৰ্ষনেতাই কাইলৈ গুৱাহাটীত উপস্থিত হৈ বকো-ছয়গাঁও(জনজাতি) সংৰক্ষিত বিধানসভা সমষ্টিৰ বনগাঁৱৰ অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছ দলৰ কৰ্মীসভাত অংশগ্ৰহণ কৰিব আৰু দলীয় কৰ্মীসকলক সম্বোধন কৰিব।

তেওঁলোকে প্ৰথমে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতি,দলৰ উপ-সভাপতি, সাধাৰণ সম্পাদক,জিলা সভাপতি আৰু বিধায়ক সকলৰ সৈতে বিমান বন্দৰৰ কাষৰ এখন হোটেলত মত বিনিময় কৰিব। ইয়াৰ পিছতে দুয়োগৰাকী নেতাই বকো-ছয়গাঁও(জনজাতি) সংৰক্ষিত বিধানসভা সমষ্টিৰ অন্তৰ্গত বনগাঁওত এখন কৰ্মীসভাত উপস্থিত হ’ব । য’ত তেওঁলোকে অসমৰ সকলো মণ্ডল কংগ্ৰেছৰ সভাপতি, ব্লক কংগ্ৰেছৰ সভাপতি,পঞ্চায়ত নিৰ্বাচনৰ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী সকল, জিলা সভাপতিসকল,প্ৰদেশ কংগ্ৰেছৰ সকলো বিষয়ববীয়া, যুৱ কংগ্ৰেছ,মহিলা কংগ্ৰেছ, সেৱা দল,এন এছ ইউ আই আৰু সকলো কোষ তথা বিভাগৰ কৰ্মকৰ্তা সকলক সম্বোধন কৰিব।

ইফালে কংগ্ৰেছৰ এই দুই শীৰ্ষ নেতাৰ আগমণে কংগ্ৰেছ কৰ্মীসকলৰ দেহত এতিয়াযেন প্ৰাণ সঞ্চাৰ কৰিছে। দুই নেতাৰ আগমণকলৈ এতিয়া উৎসাহিত হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকলে। ইতিমধ্যে দুয়োনেতাক উষ্ম আদৰণি জনাবলৈ প্ৰস্তুত হৈ পৰিছে অসম কংগ্ৰেছৰ নেতা কৰ্মীসকল।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande