সংসদৰ বৰ্ষাকালিন অধিৱেশনত উত্থাপন হ’ব ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়কঃ ক্ৰীড়া মন্ত্ৰী
–আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰৱেশ পাব পাকিস্তানেঃ মাণ্ডবিয়া নতুন দিল্লী, ১৪ জুলাই (হি.স.)। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডবিয়াই সোমবাৰে এক ডাঙৰ ঘোষণা কৰি কয় যে বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়কখন আগন্তুক সংসদৰ বৰ্ষাকালিন অধ
ক্ৰীড়া মন্ত্ৰী মাণ্ডবিয়া


–আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰৱেশ পাব পাকিস্তানেঃ মাণ্ডবিয়া

নতুন দিল্লী, ১৪ জুলাই (হি.স.)। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডবিয়াই সোমবাৰে এক ডাঙৰ ঘোষণা কৰি কয় যে বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়কখন আগন্তুক সংসদৰ বৰ্ষাকালিন অধিৱেশনত উত্থাপন কৰা হ’ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে নিচামুক্তকৰণৰ ওপৰত আয়োজিত এক কাৰ্যসূচীত সংবাদ মাধ্যমক এই তথ্য প্ৰদান কৰে মাণ্ডবিয়াই। তেওঁ স্পষ্ট কৰি দিয়ে যে পাকিস্তানী খেলুৱৈসকলক ভাৰতত অনুষ্ঠিত হ’বলগীয়া বহুপক্ষীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত বাধা দিয়া নহ’ব।

ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়কৰ উদ্দেশ্য কি-

দেশৰ ক্ৰীড়া প্ৰশাসনত জবাবদিহিতা আৰু স্বচ্ছতা অনাৰ লক্ষ্যৰে এই বিধেয়কখন অনা হৈছে। ইয়াৰ অধীনত নিয়ন্ত্ৰণ ব’ৰ্ড গঠনৰ প্ৰস্তাৱ দিয়া হৈছে, য’ত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনক স্বীকৃতি দিয়া আৰু ধন মুকলি কৰাৰ দৰে ক্ষমতা থাকিব। এই ব’ৰ্ডে সকলো ক্ৰীড়া সংস্থাতে উচ্চ পৰ্যায়ৰ প্ৰশাসনিক, আৰ্থিক আৰু নৈতিক মানদণ্ড গ্ৰহণ কৰাটো নিশ্চিত কৰিব। লগতে, প্ৰস্তাৱিত বিধেয়কখনত ক্ৰীড়াৰ স্বচ্ছতা বজাই ৰাখিবলৈ নৈতিকতা আয়োগ আৰু বিবাদ নিৰাময় আয়োগ গঠনৰ কথা উল্লেখ কৰা হৈছে।

অৱশ্যে এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছে একাংশ ক্ৰীড়া সংস্থা, বিশেষকৈ ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে (আই অ’ এ)। আই অ’ এৰ মতে নিয়ন্ত্ৰণ ব’ৰ্ডৰ উপস্থিতিয়ে ইয়াৰ স্বায়ত্তশাসনত প্ৰভাৱ পেলাব পাৰে।

পাকিস্তানী খেলুৱৈক প্ৰতিযোগিতাত অংশগ্ৰহণৰ অনুমতি-

মাণ্ডবিয়াই কয় যে ভাৰত চৰকাৰৰ স্থিতি স্পষ্ট - পাকিস্তানৰ সৈতে দ্বিপাক্ষিক শৃংখলা নহ’বও পাৰে, কিন্তু আন্তঃৰাষ্ট্ৰীয় বহুপক্ষীয় প্ৰতিযোগিতাত ইয়াৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰাত কোনো আপত্তি নাই। তেওঁ কয় যে ক্ৰিকেট হওক, হকী হওক বা আন যিকোনো খেলেই হওক - যদি প্ৰতিযোগিতাখন বহুপক্ষীয় হয় তেন্তে পাকিস্তানৰ অংশগ্ৰহণৰ ওপৰত কোনো নিষেধাজ্ঞা নাথাকিব।

ভাৰতত অনুষ্ঠিত হ’বলগীয়া দুখন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা - এছিয়া কাপ হকী প্ৰতিযোগিতা (ৰাজগীৰ, ২৭ আগষ্ট - ৭ ছেপ্টেম্বৰ) আৰু এফ আই এইচ জুনিয়ৰ হকী বিশ্বকাপ (তামিলনাডু, ২৮ নৱেম্বৰ - ১০ ডিচেম্বৰ)ত অংশগ্ৰহণৰ বাবে পাকিস্তান হকী ফেডাৰেচনে চৰকাৰৰ পৰা অনুমতি বিচাৰিছে। কিন্তু পাকিস্তান চৰকাৰে ইয়াৰ অনুমতি দিছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

অলিম্পিক চনদ অনুসৰি লোৱা সিদ্ধান্ত-

ক্ৰীড়া মন্ত্ৰীয়ে কয় যে পাকিস্তানী খেলুৱৈক ভিছা প্ৰদানৰ সিদ্ধান্ত অলিম্পিক চনদৰ সৈতে সামঞ্জস্যপূৰ্ণ, য’ত কোনো দেশে ৰাজনৈতিক কাৰণত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাত বাধা আৰোপ কৰিছে। তেনে কৰিলে ভৱিষ্যতে আয়োজক দেশৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজন কৰাৰ অধিকাৰ বিপন্ন হ’ব পাৰে। মন কৰিবলগীয়া যে ২০৩৬ চনৰ অলিম্পিক গেমছ আৰু ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ দৌৰত ভাৰত নামি পৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande