জাপান অ’পেন বেডমিণ্টন: খিতাপৰ সন্ধানত সাতৱিক-চিৰাগ
–সিন্ধু আৰু লক্ষ্যৰ পুনৰ ফৰ্মলৈ ঘূৰি অহাৰ আশা নতুন দিল্লী, ১৪ জুলাই (হি.স.)। জাপান অ’পেন ছুপাৰ ৭৫০ প্ৰতিযোগিতাত খিতাপ দখল কৰাৰ উদ্দেশ্যেৰে ক’ৰ্টত নামিব ভাৰতৰ শীৰ্ষ বেডমিণ্টন খেলুৱৈ সাতৱিকচৈৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টী। মঙলবাৰৰ পৰা জাপানত আৰম্ভ
সাতৱিক-চিৰাগ


–সিন্ধু আৰু লক্ষ্যৰ পুনৰ ফৰ্মলৈ ঘূৰি অহাৰ আশা

নতুন দিল্লী, ১৪ জুলাই (হি.স.)। জাপান অ’পেন ছুপাৰ ৭৫০ প্ৰতিযোগিতাত খিতাপ দখল কৰাৰ উদ্দেশ্যেৰে ক’ৰ্টত নামিব ভাৰতৰ শীৰ্ষ বেডমিণ্টন খেলুৱৈ সাতৱিকচৈৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টী। মঙলবাৰৰ পৰা জাপানত আৰম্ভ হ’ব এই সন্মানীয় প্ৰতিযোগিতা, য’ত ভাৰতীয় দলটোৱে এই খেলুৱৈসকলৰ পৰা বহু আশাৰ সঞ্চাৰ কৰিছে।

বৰ্তমান বিশ্বৰ ১৫ নম্বৰ স্থানত থকা সাতৱিক-চিৰাগৰ যুটিয়ে এই ছিজনত তিনিটাকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ উপৰিও যোৱা মাহত ইণ্ডোনেছিয়া অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলতো প্ৰৱেশ কৰিছিল। কিন্তু জানুৱাৰী মাহত মালয়েছিয়া আৰু ইণ্ডিয়া অ’পেনৰ ছেমি ফাইনেলৰ পাছত সাতৱিকৰ স্বাস্থ্য আৰু পিঠিৰ আঘাতৰ বাবে সাতৱিকক কেইসপ্তাহমানৰ বাবে খেলৰ পৰা আঁতৰাই ৰাখিব লগা হৈছিল।

এতিয়া সম্পূৰ্ণ ফিট হৈ পৰা এই যুটিটোৱে উভতি আহি ছিংগাপুৰ অ’পেনত ছেমি ফাইনেল আৰু ইণ্ডোনেছিয়াত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাখনৰ আৰম্ভণিতে কোৰিয়াৰ কাং মিন হ্যুক আৰু কি ডং জুৰ যুটিৰ সৈতে মুখামুখি হ’ব।

সিন্ধু আৰু লক্ষ্যৰ প্ৰত্যাৱৰ্তনৰ ওপৰত চকু

একক শাখাত ভাৰতৰ পিভি সিন্ধু আৰু লক্ষ্য সেনেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু এই প্ৰতিযোগিতা দুয়োৰে বাবে পুনৰ ফৰ্মলৈ ঘূৰি অহাৰ এক সুযোগ। বৰ্তমান বিশ্ব ৰেংকিঙত ১৮ নম্বৰ স্থানত থকা লক্ষ্য সেনে চলিত বৰ্ষত কেইবাবাৰো প্ৰথম ৰাউণ্ডত পৰাস্ত হৈছে। তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন অল ইংলেণ্ড অ’পেনৰ কোৱাৰ্টাৰ ফাইনেললৈকে। পিঠিৰ আঘাতৰ বাবে অসুবিধা পোৱাৰ পিছতো ইণ্ডোনেছিয়াত শ্বি ইউ চিৰ বিৰুদ্ধে অনুষ্ঠিত কঠিন মেচত তেওঁ ভাল ফৰ্মৰ লক্ষণ দেখুৱাইছিল। তেওঁ চীনৰ ৱাং ঝেং জিঙৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব।

একে সময়তে ২০২৫ চনটো পিভি সিন্ধুৰ বাবে এতিয়ালৈকে প্ৰত্যাহ্বানমূলক হৈ পৰিছে। প্ৰথম ৰাউণ্ডত চাৰিবাৰ আৰু দ্বিতীয় ৰাউণ্ডত তিনিবাৰ পৰাস্ত হৈছে। জানুৱাৰী মাহত ইণ্ডিয়া অ’পেনত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাটোৱেই হৈছে এই বছৰ তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন। হামষ্ট্ৰিঙৰ আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত সিন্ধুৱে যোৱা ছমাহ ধৰি ইণ্ডোনেছিয়াৰ প্ৰশিক্ষক ইৰৱানছ্যা আদি প্ৰতামাৰ তত্বাৱধানত অনুশীলন কৰি আহিছে। এই প্ৰতিযোগিতাত কোৰিয়াৰ ছিম ইউ জিনৰ সৈতে মুখামুখি হ’ব সিন্ধু।

আন ভাৰতীয় খেলুৱৈসকলেও প্ৰদৰ্শন কৰিব নিজৰ শক্তি

এইবাৰ টাইপেই অ’পেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা ভাৰতৰ যুৱ খেলুৱৈ উন্নাটি হুডাই জাপান অ’পেনৰ প্ৰথম ৰাউণ্ডত থাইলেণ্ডৰ সপ্তম ছিড পৰ্ণপাৱী চ’চুৱঙৰ বিৰুদ্ধে খেলিব। প্ৰথম ৰাউণ্ডত অনুপমা উপাধ্যায়ৰ মুখামুখি হ’ব ভাৰতৰ ৰক্ষিতা ৰামৰাজৰ।

পুৰুষৰ ডাবলছত কোৰিয়াৰ তৃতীয় ছিড কিম ৱন হো আৰু ছিও চেউং জেৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব হৰিহৰণ আমছাকৰুনান আৰু ৰুবান কুমাৰ ৰেথিনাছাবাপতিৰ যুটিয়ে। মহিলা ডাবলছত কবিপ্ৰিয়া চেলভাম-চিমৰন সিংহী আৰু পাণ্ডা ভগ্নী - ৰুতাপৰ্ণা আৰু স্বেতাপৰ্ণাইও ভাৰতৰ পৰা প্ৰত্যাহ্বান জনাব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande