দীৰ্ঘদিন ধৰি মনোজ বাজপেয়ীৰ জনপ্ৰিয় ৱেব ছিৰিজ ‘দ্য ফেমিলি মেন’ৰ তৃতীয় ছিজনৰ বাবে দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। এইবাৰ কাহিনীটো আৰু অধিক আকৰ্ষণীয় হ’ব, কিয়নো জয়দীপ আহলাৱত আৰু নিমৰাট কৌৰে ছিজন ৩ত প্ৰৱেশ কৰিছে, যাৰ ফলত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে। কিছুদিন পূৰ্বে মেকাৰসকলে মুকলি কৰিছিল ‘দ্য ফেমিলি মেন-৩’ৰ প্ৰথমটো ভিডিঅ’ টিজাৰ, য’ত মনোজ বাজপেয়ীকে ধৰি বহু বিশিষ্ট চৰিত্ৰৰ আভাস দেখা গৈছিল। এতিয়া মনোজ বাজপেয়ীয়ে নিজেই কৈছে এই ধাৰাবাহিকখন কেতিয়া দৰ্শকৰ মাজলৈ আহিব।
খবৰ অনুসৰি মনোজ বাজপেয়ীয়ে প্ৰকাশ কৰিছে যে ‘দ্য ফেমিলি মেন-৩’ৰ শ্বুটিং সম্পূৰ্ণ হৈছে আৰু বহু প্ৰত্যাশিত এই ধাৰাবাহিকখন চলিত বৰ্ষৰ অক্টোবৰ মাহৰ শেষৰ ফালে বা নৱেম্বৰৰ প্ৰথম সপ্তাহত ষ্ট্ৰীমিং প্লেটফৰ্মত মুক্তি পাব পাৰিব। মনোজে কয়, শ্বুটিং শেষ। আমি যেতিয়া এই যাত্ৰা আৰম্ভ কৰিছিলো তেতিয়া 'দ্য ফেমিলি মেন'ক ইমান মৰম পাব বুলি কোনো ধাৰণা নাছিল। এইটো মোৰ আটাইতকৈ জনপ্ৰিয় কাম নেকি? মই ক'ম, হয়, একেবাৰেই।
মনোজ বাজপেয়ীয়ে আৰু কয়, এতিয়াৰ বাবে মই মাথোঁ ক'ম যে যদি আপুনি 'দ্য ফেমিলি মেন'ৰ প্ৰথম আৰু দ্বিতীয় ছিজনটো ভাল পাইছিল, তেন্তে তৃতীয় ছিজনে আপোনাক একেবাৰেই নিৰাশ নকৰে। এইবাৰ ধাৰাবাহিকখনৰ আত্মা জয়দীপ আহলাৱত। মই সদায় এনে অভিনেতাৰ সৈতে কাম কৰিবলৈ বিচাৰিছিলো। প্ৰিয়মণি আৰু শ্বৰীব হাছমিকো পুনৰবাৰ ‘দ্য ফেমিলি মেন-৩’ত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। এই ধাৰাবাহিকখন ৰাজ আৰু ডি কেৰ বিখ্যাত যুটিয়ে তেওঁলোকৰ বেনাৰ ডি২আৰ ফিল্মসৰ অধীনত প্ৰযোজনা কৰিছে, যিয়ে ইতিমধ্যে এই অনুষ্ঠানটোক যথেষ্ট সফলতা প্ৰদান কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া