১৮ জুলাইত পুনৰ ছবিগৃহত মুক্তি পাব ফাৰহান আখতাৰৰ ‘ভাগ মিলখা ভাগ’
ৰাকেশ ওম প্ৰকাশ মেহৰাৰ পৰিচালনাত নিৰ্মিত ‘ভাগ মিলখা ভাগ’ বলীউডৰ অন্যতম শ্ৰেষ্ঠ ক্ৰীড়া নাট্য ছবি হিচাপে গণ্য কৰা হয়। ভাৰতৰ কিংবদন্তি দৌৰবিদ মিলখা সিঙৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনত ফাৰহান আখতাৰে তেওঁৰ চৰিত্ৰত শক্তিশালী ৰূপত অভিনয় কৰিছিল। এই প্ৰেৰণা
ফাৰহান আখতাৰৰ ‘ভাগ মিলখা ভাগ’


ৰাকেশ ওম প্ৰকাশ মেহৰাৰ পৰিচালনাত নিৰ্মিত ‘ভাগ মিলখা ভাগ’ বলীউডৰ অন্যতম শ্ৰেষ্ঠ ক্ৰীড়া নাট্য ছবি হিচাপে গণ্য কৰা হয়। ভাৰতৰ কিংবদন্তি দৌৰবিদ মিলখা সিঙৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনত ফাৰহান আখতাৰে তেওঁৰ চৰিত্ৰত শক্তিশালী ৰূপত অভিনয় কৰিছিল। এই প্ৰেৰণাদায়ক ছবিখন প্ৰথমবাৰৰ বাবে ছবিখন ২০১৩ চনৰ ১২ জুলাইত চিনেমাগৃহত মুক্তি লাভ কৰিছিল। এতিয়া প্ৰায় ১২ বছৰৰ মূৰত ১৮ জুলাইত আকৌ এবাৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিব ‘ভাগ মিলখা ভাগ’। আপুনি আকৌ এবাৰ ছবিগৃহত চাব পাৰিব এই আইকনিক ছবিখন।

দৰ্শকে আকৌ এবাৰ ডাঙৰ পৰ্দাত ‘ভাগ মিলখা ভাগ’ চাবলৈ সুযোগ পাব। ১৮ জুলাইত চিনেমাগৃহত আইকনিক ছবিখন পুনৰ মুক্তি পোৱাৰ কথা পিভিআৰ চিনেমাই নিজেই নিশ্চিত কৰিছে। ফাৰহান আখতাৰে অভিনয় কৰা মিলখা সিঙৰ চৰিত্ৰটোৱে দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান লাভ কৰিছিল। তেওঁৰ লগতে সোণম কাপুৰ, দিব্য দত্ত, পৱন মালহোত্ৰাৰ দৰে প্ৰতিভাৱান অভিনেতাকো ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল।

সংগীতৰ ক্ষেত্ৰতো ছবিখনে যথেষ্ট প্ৰশংসা লাভ কৰিছিল আৰু ইয়াৰ বহু গীত এতিয়াও মানুহৰ প্লেলিষ্টত অন্তৰ্ভুক্ত হৈ আছে। ‘ভাগ মিলখা ভাগ’ই বিশ্বজুৰি প্ৰায় ১৬৮ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে ইয়াৰ বাজেট আছিল মাত্ৰ ৩০ কোটি টকা। অটিটিত এই ছবিখন জিয়ো চিনেমাতত উপলব্ধ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande