ইছলামাবাদ, ১৪ জুলাই (হি.স.)। পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ নিৰীহ লোকক প্ৰলোভিত কৰি প্ৰতাৰণা কৰা কল চেণ্টাৰৰ পৰা ৫ বিদেশী নাগৰিককে ধৰি ৬৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। দেওবাৰে নিশা ইছলামাবাদৰ জি-১০ মাৰ্কাজৰ চৰ্দাৰ প্লাজাত চলি থকা এই অবৈধ কল চেণ্টাৰটোত ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ অনুসন্ধান সংস্থাই অভিযান চলায়।
এ আৰ ৱাই নিউজ চেনেলৰ খবৰ অনুসৰি সংস্থাটোৰ বিষয়াসকলে এই কল চেণ্টাৰৰ সকলো ৰেকৰ্ড জব্দ কৰা বুলি জানিবলৈ দিয়ে। পাঁচজন বিদেশী নাগৰিকৰ লগতে পাকিস্তানৰ ৬০ জনতকৈ অধিক যুৱক-যুৱতীকো আটক কৰা হয়। বিদেশী নাগৰিকক সা-সুবিধা আৰু সুৰক্ষা প্ৰদান কৰাসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
সংস্থাটোৰ মুখপাত্ৰৰ মতে, চলিত মাহৰ আৰম্ভণিতে ফৈছালাবাদত চলি থকা একেধৰণৰ কল চেণ্টাৰত এজেন্সী আৰু আৰক্ষীয়ে অভিযান চলাই ১৪৯ জন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰে ৭১জন বিদেশী নাগৰিক। বিদেশী নাগৰিকৰ ভিতৰত চীনৰ পৰা অহা লোকৰ সংখ্যা আছিল সৰ্বাধিক। সংস্থাটোৰ মুখপাত্ৰৰ মতে এইসকল লোকে জনসাধাৰণক প্ৰতাৰণা কৰি জালত আৱদ্ধ কৰি ৰাখে। ধৃত লোকসকলৰ ভিতৰত আছে চীন, নাইজেৰিয়া, ফিলিপাইনছ, শ্ৰীলংকা, বাংলাদেশ, জিম্বাবুৱে আৰু ম্যানমাৰৰ নাগৰিক।
ডন কাকতৰ খবৰ অনুসৰি ইছলামবাদৰ কল চেণ্টাৰত ভুক্তভোগী আমিৰ আজিম আব্বাছিয়ে এফআইআৰ দাখিল কৰাৰ পিছতে সংস্থাটোৱে অভিযান চলায়। আটকাধীন অভিযুক্তই স্বীকাৰ কৰে যে অনলাইন জালিয়াতিৰ পৰা সংগ্ৰহ কৰা ধন তেওঁলোকৰ স্থিতি অনুসৰি নিজৰ মাজতে ভাগ কৰি লৈছিল। এই লোকসকলে স্বীকাৰ কৰে যে তেওঁলোকে ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰা ছবি আৰু এআই-জেনেৰেটেডৰ জৰিয়তে বহু ভুক্তভোগীক ভয় দেখুৱাইও বৃহৎ পৰিমাণৰ ধন আদায় কৰিছিল। ইছলামাবাদৰ কল চেণ্টাৰটো কম্বোডিয়াৰ এজন ব্যক্তিৰ তত্বাৱধানত পৰিচালিত হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া