ইণ্ডোনেছিয়াত ৬.৭ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি,চুনামীৰ সম্ভাৱনা ক্ষীণ
জাকাৰ্টা (ইণ্ডোনেছিয়া), ১৪ জুলাই (হি.স.)। ইণ্ডোনেছিয়াত আজি ৬.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ জোকাৰণিত ধৰিত্ৰী কঁপি উঠিছিল যদিও কোনো ক্ষতি হোৱা নাই। ইয়াৰ পিছতো চুনামীৰ কোনো ভাবুকি নাই। ইণ্ডোনেছিয়া ৰিং অৱ ফায়াৰত অৱস্থিত, যিটো ভূমিকম্প আৰু আগ্নেয়গিৰিৰ
ভূমিকম্প


জাকাৰ্টা (ইণ্ডোনেছিয়া), ১৪ জুলাই (হি.স.)। ইণ্ডোনেছিয়াত আজি ৬.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ জোকাৰণিত ধৰিত্ৰী কঁপি উঠিছিল যদিও কোনো ক্ষতি হোৱা নাই। ইয়াৰ পিছতো চুনামীৰ কোনো ভাবুকি নাই। ইণ্ডোনেছিয়া ৰিং অৱ ফায়াৰত অৱস্থিত, যিটো ভূমিকম্প আৰু আগ্নেয়গিৰিৰ কাৰ্যকলাপৰ বাবে অতি সংবেদনশীল বুলি গণ্য কৰা হয়।

ছিংগাপুৰৰ কাকত দ্য ষ্ট্ৰেইটছ টাইমছৰ বাতৰি অনুসৰি আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (ইউএছজিএছ) য়ে প্ৰকাশ কৰা অনুসৰি যোৱা ১৪ জুলাইত পূব ইণ্ডোনেছিয়াত ৬.৭ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হৈছিল।পশ্চিম ইণ্ডোনেছিয়াৰ সময় অনুসৰি দিনৰ ১২:৪৯ বজাত (চিংগাপুৰৰ সময় অনুসৰি দিনৰ ১:৪৯ বজাত) অনুভূত হোৱা এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল প্ৰায় ১৭৭ কিলোমিটাৰ পূব মালুকু প্ৰদেশৰ টুয়াল চহৰৰ পশ্চিমে ৬৬ কিলোমিটাৰ গভীৰতাত। প্ৰশান্ত মহাসাগৰীয় চুনামী সতৰ্কতা কেন্দ্ৰই কয় যে ইয়াৰ পৰা চুনামীৰ কোনো ভাবুকি নাই। ইণ্ডোনেছিয়াৰ জিঅ’ফিজিকেল এজেন্সীয়ে ছ’চিয়েল মিডিয়াত এই কথা নিশ্চিত কৰিছে। সংস্থাটোৱে স্পষ্ট কৰি দিছে যে দেশৰ কোনো ঠাইৰ পৰা কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।

এই বিশাল দ্বীপপুঞ্জ ৰাষ্ট্ৰ (ইণ্ডোনেছিয়া) প্ৰশান্ত মহাসাগৰৰ জুইৰ আঙঠি (ৰিং অৱ ফায়াৰ)ত অৱস্থিত। ইয়াৰ বাবেই ইণ্ডোনেছিয়াত শক্তিশালী ভূমিকম্প সংঘটিত হৈয়েই থাকে। ইয়াত টেকটনিক প্লেটৰ সংঘৰ্ষৰ ফলত তীব্ৰ ভূমিকম্পীয় কাৰ্য্যকলাপৰ সৃষ্টি হয়। জুইৰ আঙঠিৰ পৰিসৰ জাপানৰ পৰা দক্ষিণ-পূব এছিয়াৰ মাজেৰে প্ৰশান্ত মহাসাগৰীয় অৱবাহিকালৈকে বিস্তৃত।

কিন্তু ২০২১ চনৰ জানুৱাৰী মাহত চুলাৱেছিত আজিৰ তুলনাত কম প্ৰাবল্যৰ (৬.২ প্ৰাবল্যৰ) ভূমিকম্পৰ ফলত ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰে। ২০১৮ চনত চুলাৱেছিৰ পালুত ৭.৫ প্ৰাবল্যৰ ভূমিকম্প আৰু তাৰ পিছত চুনামীৰ ফলত ২২০০ৰো অধিক লোকৰ মৃত্যু হৈছিল।

গুগলত উপলব্ধ তথ্য অনুসৰি এই শতিকাৰ আৰম্ভণিৰ দশকত ২০০৪ চনৰ ২৬ ডিচেম্বৰত ৯.১ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল। ফলস্বৰূপে ভাৰত মহাসাগৰত চুনামীৰ প্ৰভাৱত বহু দেশত প্ৰভাৱ পৰিছিল আৰু ২ লাখ ৩০ হাজাৰ লোকৰ মৃত্যু হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande