বোকাখাতত অসমীয়া বোলছবি ৰুদ্ৰৰ প্ৰচাৰ কলাকুশলীসকলৰ
গোলাঘাট, ১৩ জুলাই (হি.স.)। অসমীয়া বোলছবি ৰুদ্ৰৰ প্ৰচাৰৰ বাবে শনিবাৰে সন্ধিয়া জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু ৰুদ্ৰৰ পৰিয়াল উপস্থিত হয় বোকাখাতত ৷ ফেচেংবৰ হেৰিটেজৰ উদ্যোগত বোকাখাতৰ প্ৰবীন শিল্পীসকলক লৈ গীতে-কথাৰে বিয়লি মেল অনুষ্ঠান অনুষ্ঠিত হয় ৷ বোকাখ
অসমীয়া বোলছবি ৰুদ্ৰ


গোলাঘাট, ১৩ জুলাই (হি.স.)। অসমীয়া বোলছবি ৰুদ্ৰৰ প্ৰচাৰৰ বাবে শনিবাৰে সন্ধিয়া জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু ৰুদ্ৰৰ পৰিয়াল উপস্থিত হয় বোকাখাতত ৷ ফেচেংবৰ হেৰিটেজৰ উদ্যোগত বোকাখাতৰ প্ৰবীন শিল্পীসকলক লৈ গীতে-কথাৰে বিয়লি মেল অনুষ্ঠান অনুষ্ঠিত হয় ৷

বোকাখাতৰ প্ৰায় ৫০ ৰো অধিক শিল্পীৰ সমাবেশ ঘটা অনুষ্ঠানত সকলোৱে অতীতৰ দিনৰ কথা সুঁৱৰি নষ্টালজিক হৈ পৰা পৰিলক্ষিত হয় ৷ নেত্ৰকাই খ্যাত অভিনেতা বোকাখাতৰ সন্তান অৰুণ হাজৰিকাও অনুষ্ঠানত উপস্থিত থাকি অতীতৰ দিনৰ কথাবোৰ ৰোমন্থন কৰে ৷ অসমীয়া ৰাইজে মৰম দিলেহে অসমীয়া চিনেমা জগতখন জীয়াই থাকিব, শিল্পীসকল জীয়াই থাকিব বুলি কৈ অসমীয়া চিনেমা চাবলৈ হললৈ যাবলৈ সকলোকে আহ্বান জনায় ৷

অনুষ্ঠান উপস্থিত থকা অভিনেতা ৰবি শৰ্মাই অসমীয়া ছবিৰ সফলতাৰ আঁৰত অসমীয়া শিল্পী আৰু কলাকুশলী সকলে কৰিব পৰা কষ্ট আৰু ত্যাগৰ বাবেই হিন্দী চিনেমাৰ তুলনাত অসমীয়া চিনেমাইও সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande