দক্ষিণ ভাৰতীয় চিনেমাৰ মুখখন কোটা শ্ৰীনিবাস ৰাওৰ দেওবাৰে পুৱা ৪ বজাত হায়দৰাবাদস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। ৮৩ বছৰীয়া কোটা শ্ৰীনিবাস ৰাৱে ৭০০ৰো অধিক ছবিত অভিনয় কৰিছিল। তেওঁৰ মৃত্যুত তেলেগু চিনেমাকে ধৰি ভাৰতীয় চলচ্চিত্ৰ জগতখনলৈ এক জোকাৰণিৰ সৃষ্টি হৈছে।
শ্ৰীনিবাস ৰাওৰ মৃত্যুত শোক প্ৰকাশ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে - ‘বহুমুখী চৰিত্ৰৰে চিনেমা দৰ্শকৰ হৃদয় জয় কৰা বিখ্যাত অভিনেতা কোটা শ্ৰীনিবাস ৰাওৰ মৃত্যু অত্যন্ত দুখজনক। প্ৰায় চাৰি দশকৰ ভিতৰত তেওঁৰ কলাত্মক অৱদান আৰু চিনেমা আৰু থিয়েটাৰৰ ক্ষেত্ৰখনত তেওঁৰ ভূমিকা অবিস্মৰণীয় হৈ থাকিব। খলনায়ক আৰু চৰিত্ৰ শিল্পী হিচাপে তেওঁ অভিনয় কৰা অগণন স্মৰণীয় ভূমিকা তেলেগু দৰ্শকৰ হৃদয়ত চিৰদিনৰ বাবে খোদিত হৈ থাকিব। তেওঁৰ মৃত্যু তেলেগু চলচ্চিত্ৰ জগতৰ বাবে এক অপূৰণীয় ক্ষতি। ১৯৯৯ চনত বিজয়াৱাড়াৰ পৰা বিধায়ক হিচাপে জয়লাভ কৰি জনসাধাৰণৰ সেৱা আগবঢ়ায়। তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো।'
১৯৪২ চনৰ ১০ জুলাইত অন্ধ্ৰ প্ৰদেশৰ কাংকিপাডুত জন্মগ্ৰহণ কৰা কোটা শ্ৰীনিবাস ৰাও কলেজীয়া দিনৰে পৰা নাট্যৰ লগত জড়িত হৈ পৰে। তেওঁ ৭০০ৰো অধিক ছবিত অভিনয় কৰিছিল। ৰাজনীতিতো তেওঁ নিজৰ ভাগ্য চেষ্টা কৰিছিল। ১৯৯৯ চনত বিজেপিৰ টিকটত বিজয়াৱাড়া ইষ্টৰ পৰা অন্ধ্ৰ প্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া