ফিফা ৰেংকিঙত ভাৰতৰ বৃহৎ বিপৰ্যয়, ভাৰতীয় দল ৬ স্থানত পিছুৱাই ১৩৩ নম্বৰ স্থানত
নতুন দিল্লী, ১০ জুলাই (হি.স.)। ফিফা ৰেংকিঙত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে ভাৰতীয় পুৰুষ ফুটবল দল। বৃহস্পতিবাৰে প্ৰকাশ পোৱা ফিফাৰ শেহতীয়া ৰেংকিঙত ভাৰত ছয় স্থান পিছুৱাই ১৩৩ নম্বৰ স্থানত উপনীত হৈছে। প্ৰায় এটা দশকৰ ভিতৰত এয়া ভাৰতৰ সৰ্বনিম্ন ৰেংকিং। ইয
ভাৰত আৰু হংকঙৰ মেচ


নতুন দিল্লী, ১০ জুলাই (হি.স.)। ফিফা ৰেংকিঙত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে ভাৰতীয় পুৰুষ ফুটবল দল। বৃহস্পতিবাৰে প্ৰকাশ পোৱা ফিফাৰ শেহতীয়া ৰেংকিঙত ভাৰত ছয় স্থান পিছুৱাই ১৩৩ নম্বৰ স্থানত উপনীত হৈছে। প্ৰায় এটা দশকৰ ভিতৰত এয়া ভাৰতৰ সৰ্বনিম্ন ৰেংকিং। ইয়াৰ পূৰ্বে ২০১৬ চনৰ ডিচেম্বৰ মাহত ভাৰতে ১৩৫ নম্বৰ স্থান লাভ কৰিছিল।

২০২৩ চনৰ শেষলৈকে ভাৰতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই তিনিটা ট্ৰফী লাভ কৰি শীৰ্ষ ১০০ ৰ ভিতৰত স্থান লাভ কৰিছিল। কিন্তু তেতিয়াৰ পৰাই প্ৰদৰ্শন ক্ৰমাগতভাৱে হ্ৰাস পাইছে। প্ৰথমে ২০২৩ চনৰ এ এফ চি এছিয়ান কাপৰ গ্ৰুপ পৰ্যায়ৰ পৰা ওলাই অহা, তাৰ পিছত ২০২৬ চনৰ ফিফা বিশ্বকাপৰ কোৱালিফায়াৰৰ পৰা সোনকালে ওলাই অহাটোও দলটোৰ পতনশীল গ্ৰাফৰ অংশ হৈ পৰিছিল।

ইগ’ৰ ষ্টিমাকৰ ঠাইত মানোলো মাৰ্কেজক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল যদিও প্ৰশিক্ষক পৰিৱৰ্তনেও কোনো ইতিবাচক প্ৰভাৱ পেলাব পৰা নাছিল। যোৱা ১৬ মাহত ভাৰতে কোনো প্ৰতিযোগিতামূলক মেচত জয়ী হোৱা নাই। শেহতীয়াকৈ ভাৰতে হংকঙৰ হাতত ০-১ গ’লত পৰাস্ত হৈ এ এফ চি এছিয়ান কাপ ২০২৭ৰ কোৱালিফায়াৰৰ তৃতীয় ৰাউণ্ডৰ পৰা বাহিৰ হৈছিল আৰু ইয়াৰ লগে লগে মাৰ্কেজে প্ৰশিক্ষকৰ পদৰ পৰাও পদত্যাগ কৰিছিল।

ভাৰতৰ এই ৬ স্থানৰ হ্ৰাস এইবাৰ বিশ্ব ৰেংকিঙত দ্বিতীয় সৰ্ববৃহৎ অৱনমন। ভাৰতৰ লগতে চীনা টাইপেই, কেমেন দ্বীপপুঞ্জ, ছেইণ্ট কিটছ এণ্ড নেভিছ, এল ছালভাডৰ আৰু শ্লোভাকিয়াতো একে হাৰতে অৱনমন হোৱা দেখা গৈছে। কংগো, মালদ্বীপ, হাইটি আৰু জামাইকা এই চাৰিখন দেশৰ ৰেংকিং ভাৰততকৈ অধিক ৭ স্থান হ্ৰাস পাইছে । এই ৰেংকিং ভাৰতৰ বাবে কেৱল সতৰ্কবাণী নহয়, আগন্তুক সময়ত কৌশল, প্ৰশিক্ষকতা আৰু খেলুৱৈ নিৰ্বাচনৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্তৰ প্ৰয়োজনীয়তাৰ কথাও আঙুলিয়াই দিয়ে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande