লৰ্ডছ টেষ্টঃ ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত
–ভাৰতীয় দললৈ উভতিছে বুমৰাহ, প্ৰসিদ্ধ কৃষ্ণ বাহিৰ লণ্ডন, ১০ জুলাই (হি.স.)। ক্ৰিকেটৰ মক্কা নামেৰে পৰিচিত লৰ্ডছ ক্ৰিকেট খেলপথাৰত আজিৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু ইংলেণ্ডৰ তৃতীয়খন টেষ্ট মেচ, য’ত ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰা
টছত ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছ আৰু শুভমন গিল


–ভাৰতীয় দললৈ উভতিছে বুমৰাহ, প্ৰসিদ্ধ কৃষ্ণ বাহিৰ

লণ্ডন, ১০ জুলাই (হি.স.)। ক্ৰিকেটৰ মক্কা নামেৰে পৰিচিত লৰ্ডছ ক্ৰিকেট খেলপথাৰত আজিৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু ইংলেণ্ডৰ তৃতীয়খন টেষ্ট মেচ, য’ত ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

টছৰ পিছত ষ্ট’কে কয়, আমি প্ৰথমে বেটিং কৰিম। আৰম্ভণিতে খেলপথাৰত কিছু সহায় হ'ব পাৰে, কিন্তু ই এক ডাঙৰ টেষ্ট শৃংখলা হৈছে আৰু আমি সম্পূৰ্ণৰূপে সাজু। সকলোৱে লৰ্ডছত খেলি ভাল পায়।

একে সময়তে ভাৰতীয় অধিনায়ক শুভমন গিলে কয় যে তেওঁ প্ৰথমে বলিং কৰিব বিচাৰে। তেওঁ কয়, মই ৰাতিপুৱালৈকে কি কৰিব লাগে সেই লৈ দ্বিধাদ্বন্দ্বত আছিলো। প্ৰথমে বলিং কৰাটোৱেই ভাল আছিল, কাৰণ বলাৰসকলে প্ৰথম অধিবেশনত সহায় পায় কিন্তু আমাৰ দলৰ সকলো খেলুৱৈয়ে শেষৰখন মেচত অৰিহণা যোগাইছিল আৰু আমি সেইটোৱেই কথা কৈছিলো। মই নিজকে বেটছমেন হিচাপে ভাল অৱস্থাত অনুভৱ কৰিছো।

মন কৰিবলগীয়া যে দ্বিতীয়খন টেষ্টত ভাৰতে বাৰ্মিংহামত এক দৰ্শনীয় জয় পঞ্জীয়ন কৰে। শুভমন গিলে দুটা শতকীয় ইনিংছ খেলি ২৬৯ আৰু ১৬১ ৰান সংগ্ৰহ কৰে। মহম্মদ চিৰাজে এটা ইনিংছত ৬টা উইকেট দখল কৰাৰ বিপৰীতে আকাশ দীপে মেচখনত ১০টা উইকেট দখল কৰি সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়।

এতিয়া লৰ্ডছৰ পাল, য’ত ভাৰতৰ অভিলেখ মিশ্ৰিত হৈ আহিছে। এতিয়ালৈকে ইয়াত ভাৰত আৰু ইংলেণ্ডৰ মাজত ১৯খন টেষ্ট খেলিছে, ইয়াৰে ইংলেণ্ডে ১২খন আৰু ভাৰতে মাত্ৰ ৩খন মেচত জয়লাভ কৰিছে। অৱশ্যে ভাৰতে যোৱা তিনিটা লৰ্ডছ ভ্ৰমণত (২০১৪, ২০১৮, ২০২১) দুটা জয় পঞ্জীয়ন কৰিছে।

এই মেচখনৰ বাবে ভাৰতীয় দলত এটা পৰিৱৰ্তন কৰা হৈছে - প্ৰসিদ্ধ কৃষ্ণৰ স্থানত অন্তৰ্ভুক্ত হোৱা যশপ্ৰীত বুমৰাহ ঘূৰি আহিছে।

দুয়োটা দলৰ খেলুৱৈ একাদশ :

ভাৰত- যশস্বী জয়ছোৱাল, কে এল ৰাহুল, কৰুণ নাইৰ, শুভমন গিল (অধিনায়ক), ঋষভ পন্ত (উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, আকাশ দীপ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ।

ইংলেণ্ড- জেক ক্ৰ’লি, বেন ডাকেট, অলি পোপ, জো ৰুট, হেৰী ব্ৰুক, বেন ষ্ট’কছ (অধিনায়ক), জেমী স্মিথ (উইকেটকীপাৰ), ক্ৰীছ ৱ’কেছ, ব্ৰাইডন কাৰ্ছ, জোফ্ৰা আৰ্চাৰ, শ্বোয়াইব বছিৰ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande