ধুবুৰী, ১০ জুলাই (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । যোৱাকালি বুধবাৰে নিশা বৃহৎ পৰিমাণৰ সন্দেহজনক ব্ৰাউন ছুগাৰ সহ আটক কৰিলে দুজন যুৱকক।
প্ৰাপ্ত তথ্য মতে ধুবুৰী সদৰ থানাৰ অন্তৰ্গত ধৰ্মশালা পঞ্চম খণ্ডৰ আখতাৰুজ্জামান ওৰফে নিউটন নামৰ কুখ্যাত ড্ৰাগছ মাফিয়া জনে একে গাঁৱৰে ৰাজমিস্ত্ৰী আজিজুল হকক গোলকগঞ্জৰ বিছনদই প্ৰথম খণ্ডত ফুৰিব অহাৰ কথা কৈ গোপনে সন্দেহজনক ব্ৰাউন ছুগাৰ সৰবৰাহ কৰিবলৈ আহিছিল। ঠিক সেই সময়তেই গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নিৰ্দেশত আৰক্ষীৰ এটি দলে অভিযান চলাই আটক কৰে কুখ্যাত ড্ৰাগছ মাফিয়া আখতাৰুজ্জামান ওৰফে নিউটনৰ লগতে ৰাজমিস্ত্ৰী আজিজুল হকক। পিছত আৰক্ষীয়ে তালাচী চলাই আখতাৰুজ্জামানৰ পৰা ৩২ টাকৈ সন্দেহজনক ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেনাৰ জব্দ কৰাৰ লগতে ৰাজমিস্ত্ৰী আজিজুল হকৰ এএছ ১৭ এম ৭৯০৭ নম্বৰৰ বাইক খন জব্দ কৰে।
উল্লেখ্য যে কুখ্যাত ড্ৰাগছ মাফিয়া আখতাৰুজ্জামান ওৰফে নিউটনে ৰাজমিস্ত্ৰী আজিজুল হকক ফুৰিব যোৱাৰ কথা কৈ গোলকগঞ্জৰ বিছনদই প্ৰথম খণ্ডত লৈ আনিছিল বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ