আছিয়ানৰ সৈতে বাণিজ্যিক চুক্তিৰ পৰ্যালোচনা আলোচনা ক্ষিপ্ৰ কৰাৰ প্ৰচেষ্টাঃ পীয়ুষ গোৱেল
নতুন দিল্লী, ১০ জুলাই (হি.স.)। ভাৰত আৰু এছ’চিয়েশ্যন অৱ চাউথ ইষ্ট এছিয়ান নেশ্যনছ (আছিয়ান)ৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ পৰ্যালোচনা অতি সোনকালে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে বৃহস্পতিবাৰে কয় যে বৰ্তমা
मलेशिया के निवेश, व्यापार और उद्योग मंत्री से बातचीत करते पीयूष गोयल


নতুন দিল্লী, ১০ জুলাই (হি.স.)। ভাৰত আৰু এছ’চিয়েশ্যন অৱ চাউথ ইষ্ট এছিয়ান নেশ্যনছ (আছিয়ান)ৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ পৰ্যালোচনা অতি সোনকালে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে বৃহস্পতিবাৰে কয় যে বৰ্তমানৰ বাণিজ্য চুক্তি পুনৰীক্ষণৰ বাবে আছিয়ানৰ সৈতে আলোচনা চলি আছে। আলোচনা ক্ষিপ্ৰ কৰিবলৈ তেওঁ আগ্ৰহী।

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে এক বিবৃতিত কয় যে এই বিষয়ত মালয়েছিয়াৰ বিনিয়োগ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী টি জাফাৰুল আজিজৰ সৈতে এক বৈঠকত মিলিত হৈছে। জাফাৰুল আজিজৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকৰ অন্তত তেওঁ কয় যে ভাৰত-আছিয়ান এফ টি এৰ পৰ্যালোচনা অতি সোনকালে সম্পূৰ্ণ হ’ব। বৰ্তমানৰ বাণিজ্য চুক্তি পুনৰীক্ষণৰ বাবে আছিয়ানৰ সৈতে আলোচনা চলি আছে, তেওঁ আলোচনা ক্ষিপ্ৰ কৰিবলৈ আগ্ৰহী। তেওঁ কয় যে আছিয়ান-ভাৰত সামগ্ৰী বাণিজ্য চুক্তিৰ চলি থকা পৰ্যালোচনা আৰু ইয়াৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ সমাধানৰ বিষয়ে আলোচনা কৰা হৈছে।

কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰীগৰাকীয়ে কয় যে আছিয়ানৰ সদস্য দেশসমূহৰ সৈতে আলোচনা ত্বৰান্বিত কৰি ন্যায্য বাণিজ্য আৰু সুষম উন্নয়ন সুনিশ্চিত কৰাৰ আশা আছে। দুয়োখন দেশৰ মাজত সৰ্বাংগীন অৰ্থনৈতিক সহযোগিতা চুক্তি (চিইচিএ) সম্পৰ্কে অধিক আলোচনাৰ বিষয়েও আমি আলোচনা কৰিলোঁ। মন কৰিবলগীয়া যে অৰ্থনৈতিক বিষয়ত আছিয়ানৰ হৈ মালয়েছিয়া ভাৰতৰ স্থায়ী সমন্বয়ক।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande