যোৰহাট, ১০ জুলাই (হি.স.): যোৰহাট অজন্তা বাইপাচত যোৱাকালি বুধবাৰে বিয়লি দুটা ড্ৰাগছ পেডলাৰ আটক কৰা হয় । আটকাধীন ড্ৰাগছ পেডলাৰ দুটাৰ নাম কাচিম আলি আৰু বতি পাল বুলি জানিব পৰা গৈছে । ধৃতদ্বয়ৰ পৰা জব্দকৃত ড্ৰাগছৰ পৰিমাণ প্ৰায় ২৪ গ্ৰাম বুলি কোৱা হৈছে।
উল্লেখ্য দুয়োটা ধৃত ড্ৰাগছ পেডলাৰে সন্দেহজনক ড্ৰাগছখিনি লৈ যোৰহাট নগৰৰ দিশে গতি কৰিছিল । ড্ৰাগছ সৰবৰাহকাৰী দ্বয় এএছ ০৬ এএইচ ৬৩৪০ নম্বৰৰ এখন ৰয়েল এন্ডফিল্ডৰ বাহনেৰে আহিছিল । নগৰৰ দিশে গতি কৰিব খোজোতেই অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দুগৰাকী সদস্যয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাক আটক কৰে । ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ বিষয়ৰ তদন্ত কৰি সন্দেহজনক ড্ৰাগছ খিনি জব্দ কৰাৰ লগতে দুয়োটা ড্ৰাগছ সৰবৰাহকাৰীক থানালৈ লৈ যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ