ক্ৰাইজেনিক অ’জিএছৰ শ্বেয়াৰ বজাৰত শক্তিশালী প্ৰৱেশ, তালিকাভুক্ত হোৱাৰ পিছত উচ্চ চাৰ্কিট চামিল
নতুন দিল্লী, ১০ জুলাই (হি.স.)। উচ্চমানৰ ফিল্টাৰিং সঁজুলি নিৰ্মাণ কৰা কোম্পানী ক্ৰাইজেনিক অ’জিএছৰ শ্বেয়াৰে আজি শ্বেয়াৰ বজাৰত শক্তিশালী প্ৰৱেশ কৰি আইপিঅ’ বিনিয়োগকাৰীসকলক সুখী কৰি তুলিছে। আই পি অ’ৰ অধীনত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ৪৭ টকা।আজি বি এছ ই
स्टॉक मार्केट में जबरदस्त एंट्री के बाद क्रायोजेनिक ओजीएस के शेयर पर लगा अपर सर्किट


নতুন দিল্লী, ১০ জুলাই (হি.স.)। উচ্চমানৰ ফিল্টাৰিং সঁজুলি নিৰ্মাণ কৰা কোম্পানী ক্ৰাইজেনিক অ’জিএছৰ শ্বেয়াৰে আজি শ্বেয়াৰ বজাৰত শক্তিশালী প্ৰৱেশ কৰি আইপিঅ’ বিনিয়োগকাৰীসকলক সুখী কৰি তুলিছে। আই পি অ’ৰ অধীনত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ৪৭ টকা।আজি বি এছ ইৰ এছ এম ই প্লেটফৰ্মত ৯০ শতাংশ প্ৰিমিয়ামৰ সৈতে ৮৯.৩০ টকাত তালিকাভুক্ত হয়। তালিকাভুক্ত হোৱাৰ পিছত ক্ৰয় আৰম্ভ হোৱাৰ বাবে কোম্পানীটোৰ শ্বেয়াৰ কম সময়ৰ ভিতৰতে ৯৩.৭৬ টকাৰ উচ্চ চাৰ্কিট লেভেললৈ জপিয়াই পৰে। এইদৰে ব্যৱসায়ৰ প্ৰথম দিনটোত কোম্পানীটোৰ আই পি অ’ বিনিয়োগকাৰীৰ ধন প্ৰায় দুগুণ বৃদ্ধি পাই তেওঁলোকৰ লাভ ৯৯.৪৯ শতাংশ স্তৰত উপনীত হৈছে।

৩ৰ পৰা ৭ জুলাইৰ ভিতৰত ক্ৰাইজেনিক অ’জিএছৰ ১৭.৭৭ কোটি টকাৰ আইপিঅ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি আছিল।এই আইপিঅ’ই বিনিয়োগকাৰীৰ পৰা প্ৰচণ্ড সঁহাৰি লাভ কৰিছিল, যাৰ বাবে ইয়াক সামগ্ৰিকভাৱে ৬৯৪.৯০ গুণ চাবস্ক্ৰাইব কৰা হৈছিল। এইবোৰত যোগ্য প্ৰতিষ্ঠানিক ক্ৰেতা (কিউআইবি)ৰ বাবে সংৰক্ষিত অংশ ২০৯.৫৯ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। একেদৰে অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এন আই আই)ৰ বাবে সংৰক্ষিত অংশই ১১৫৫.৩৮ গুণ চাবস্ক্ৰিপচন লাভ কৰে। ইয়াৰ উপৰিও খুচুৰা বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশ ৭৭৩.৭০ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। এই আই পি অ’ৰ অধীনত ১০ টকাৰ মুদ্ৰা মূল্যৰ ৩৭.৮০ লাখ নতুন শ্বেয়াৰ জাৰি কৰা হৈছে। আই পি অ’ৰ জৰিয়তে সংগ্ৰহ কৰা ধন কোম্পানীটোৱে নিজৰ ৱৰ্কিং কেপিটেলৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আৰু সাধাৰণ কৰ্পৰেট উদ্দেশ্যত ব্যৱহাৰ কৰিব।

কোম্পানীটোৰ আৰ্থিক অৱস্থাৰ কথা ক’বলৈ গ’লে প্ৰস্পেক্টচত কৰা দাবী অনুসৰি ইয়াৰ আৰ্থিক স্বাস্থ্য অহৰহ শক্তিশালী হৈ আহিছে। ২০২২-২৩ বিত্তীয় বৰ্ষত কোম্পানীটোৰ নিকা লাভ আছিল ৪.০৮ কোটি টকা, যিটো পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০২৩-২৪ত ৫.৩৫ কোটি টকালৈ বৃদ্ধি পাই ২০২৪-২৫ চনত ৬.১২ কোটি টকালৈ জপিয়াই পৰে। এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহ বছৰি ২১ শতাংশতকৈ অধিক চক্রবৃদ্ধিৰ বাৰ্ষিক বৃদ্ধিৰ হাৰত বৃদ্ধি পাই ৩৩.৭৯ কোটি টকা হয়৷

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande