আলংকাৰিক মৎস্য পালন কৰি স্বাৱলম্বনৰ সুন্দৰ আদৰ্শ দাঙি ধৰিছে বোকাখাতৰ বালিজান আমটেঙাৰ নিকু নাথে
গোলাঘাট, ০১ জুলাই (হি.স.)। যিসময়ত হাজাৰ হাজাৰ শিক্ষিত নিবনুৱাই চাকৰি বিচাৰি হাবাথুৰি খাইছে, চৰকাৰৰ ওচৰত প্ৰতিবাদ জনাইছে,তেনে সময়তেই আলংকাৰিক মৎস্য পালন কৰি স্বাৱলম্বনৰ সুন্দৰ আদৰ্শ দাঙি ধৰিছে বোকাখাতৰ বালিজান আমটেঙাৰ নিকু নাথ নামৰ যুৱকজনে । নীৰৱ
আলংকাৰিক মৎস্য পালন কৰি স্বাৱলম্বনৰ সুন্দৰ আদৰ্শ দাঙি ধৰিছে বোকাখাতৰ বালিজান আমটেঙাৰ নিকু নাথে


গোলাঘাট, ০১ জুলাই (হি.স.)। যিসময়ত হাজাৰ হাজাৰ শিক্ষিত নিবনুৱাই চাকৰি বিচাৰি হাবাথুৰি খাইছে, চৰকাৰৰ ওচৰত প্ৰতিবাদ জনাইছে,তেনে সময়তেই আলংকাৰিক মৎস্য পালন কৰি স্বাৱলম্বনৰ সুন্দৰ আদৰ্শ দাঙি ধৰিছে বোকাখাতৰ বালিজান আমটেঙাৰ নিকু নাথ নামৰ যুৱকজনে । নীৰৱ মীন বিপ্লৱৰ পাতনি মেলা যুৱকজনে কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা অবিহনে আয়ত্ব কৰিছে বিদেশী মাছ পালনৰ অভিজ্ঞতা । চৰকাৰ তথা কৃষি বিভাগৰ বাবেও ই এক আশাৰ বতৰা । যুৱকজনৰ এই সফলতাৰ যাত্ৰাত চৰকাৰ আৰু মীন বিভাগৰো কৰণীয় আছে ।

যুৱকজনে নিজ ঘৰতেই আবেষ্টনী পদ্ধতিত মৎস্য পালন কৰি নীল বিপ্লৱেৰে অঞ্চলটোলৈ এক পৰিৱৰ্তনৰ জোৱাৰ আনিবলৈ সক্ষম হৈছে। ৫০০০ ৰাজ্যৰ আলংকাৰিক মাছৰ বজাৰখনৰ চাহিদা পূৰণ কৰাৰ লগতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মীনপালনেৰে জিলিকি উঠি সাফল্যৰ এক নতুন মাপকাঠি ৰচনা কৰক যুৱকজনে ।

আৰ্থিক ভাৱে দুৰ্বল যুৱক জনে পেলনীয়া কিছু সামগ্ৰী ব্যৱহাৰ কৰি এই মাছ সমূহ পুহি আহিছে ।বীকল হৈ যোৱাত ফ্ৰীজৰ বাকচ,মাছৰ কাৰ্টুন আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰি বিশেষ কৈ গ্ৰাপি আৰু বেটা ফিছ নামৰ মাছৰ পোনাৰ লগতে আৰু কেইবা বিধো মাছৰ পোনাৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে।বৰ্তমানলৈকে তেওঁ বিদেশী প্ৰজাতিৰ মাছৰ প্ৰায় ৫০০০ হাজাৰ পোনা উৎপাদন কৰিবলৈ সক্ষম হৈছে।আৰ্থিক ভাৱে দুৰ্বল যুৱক জনে যদি চৰকাৰী ভাবে কিছু সুবিধা লাভ কৰে থলুৱা মাছৰ প্ৰজাতিৰ লগতে বিদেশীৰ বিভিন্ন প্ৰজাতিৰ মাছ উৎপাদন কৰাত বহু পৰিমাণ সুবিধা হব বুলি জানিবলৈ দিয়ে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande