কামৰূপ, ০১ জুলাই (হি.স.)। ধোপগুৰিত অগনন লোকৰ সমাৱেশ। উজ্বলিল ৰজাদিনীয়া পৰম্পৰাগত সংস্কৃতি। ৰজাদিনীয়া মাল গোঁসাই পূজা উৎসৱত সমন্বয়ৰ সেঁতু
মধ্য যুগৰ পৰা ৰজাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ অহা এই পূজা। শিৱৰ প্ৰচণ্ড উগ্ৰ ৰূপ মহা মালেশ্বৰ আৰু দেৱী মহামায়াক পূজা অৰ্চনা কৰা হয় এই ঐতিহাসিক মাল হোঁসাই পূজাত।
বাঁহৰে নিৰ্মান কৰা চাঙীক তান্ত্ৰিক মন্ত্ৰৰে এই আলৌকিকতা প্ৰদান কৰা হয়। চাৰি জন বলিষ্ঠ ডেকাই চাঙী দেৱতাৰ নিৰ্দেশ মতে সমগ্ৰ অঞ্চল জুই-পানীক একাকাৰ কৰি পৰিভ্ৰমণ কৰে।অঞ্চলটোৰ প্ৰতি ঘৰ গৃহস্হৰ গৃহত প্ৰৱেশ কৰে চাঙী বহন কৰা লোক সকলে। গৃহস্হই শ্ৰদ্ধা ভক্তি সহকাৰে মাল দেৱতালৈ আগবঢ়ায় শৰাই-শলিতা।
হিন্দুস্থান সমাচাৰ / Narayan Kar