গুৱাহাটী, ০১ জুলাই (হি.স.)। কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ অধ্যক্ষতাত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা সৈনিক বোৰ্ড আৰু সৈনিক বন্ধুৰ বৈঠক অনুস্থিত হয় । বৈঠকত কৰ্মৰত সৈনিক আৰু প্ৰাক্তন সৈনিকসকলে সম্মুখীন হোৱা নানাধৰণৰ সমস্যাৰ লগতে ইয়াৰ নিৰাময় সন্দৰ্ভত আলোচনা কৰা হয় ।
তদুপৰি সম্পত্তিৰ কৰ ৰেহাই, ভূমি বিবাদৰ গোচৰ, ভূমি পঞ্জীয়নৰ গোচৰ, ভূমি আবন্টনৰ গোচৰ, সংস্থাৰ বাবে মাটি আৰু কাৰ্যালয়ৰ স্থান আবন্টন ইত্যাদি বিষয়তো বিস্তৃতভাৱে আলোচনা কৰা হয় । জিলা আয়ুক্তই অতিৰিক্ত জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াক শীঘ্ৰে ভুমি বিবাদ আৰু ভুমি বেদখলৰ গোচৰসমূহ নিস্পত্তি কৰিবলৈ নিৰ্দেশ দিয়ে ।
আজিৰ এই বৈঠকত মহানগৰ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঁঞা, অতিৰিক্ত জিলা আয়ুক্ত (ৰাজহ) অজিত কুমাৰ শৰ্মা, মহকুমা দণ্ডাধীশ (সদৰ)কংকন শৰ্মা, উপ আৰক্ষী আয়ুক্ত ইমদাদ আলী, কৰ্ণেল তৰুণ ননী, অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ, অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়াদ্বয় দীপক শৰ্মা আৰু ধ্ৰুৱ হাজৰিকা, অৱসৰপ্ৰাপ্ত কৰ্ণেলদ্বয় নিবিৰ গগৈ আৰু গকুল চন্দ্ৰ সিংহ, কামৰূপ (ম) জিলা পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া, গুৱাহাটী, চন্দ্ৰপুৰ, সোণাপুৰ, আজাৰা আৰু দিছপুৰৰ চক্ৰ বিষয়া, ডিমৰীয়া, চন্দ্ৰপুৰ আৰু ৰাণীৰ খণ্ড উন্নয়ন বিষয়া, উপ মুখ্য কাৰ্যবাহী বিষয়া, মহানগৰ জিলা সৈনিক কাৰ্যালয়ৰ কল্যাণ বিষয়া পদ্মলোচন বৰ্মণ (অৱসৰপ্ৰাপ্ত) তথা জিলা সৈনিক বোৰ্ড কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী, প্ৰাক্তন সৈনিক আদি উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী