দৰং,০১ জুলাই (হি.স.)। মঙলদৈ চহৰত গো মাংসৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। সমগ্ৰ ৰাজ্যখনত গো মাংসৰ বিতৰ্ক চলি থকাৰ সময়তে মঙলদৈ চহৰৰ মাজমজিয়াত থকা চাৰিখনকৈ হোটেলত মঙলদৈ সদৰ আৰক্ষীয়ে তালাচি চলাই হাতে লোতে গো মাংস জব্দ কৰাৰ লগতে দুজনক আৰক্ষীয়ে সোধ পোচৰ বাবে মঙলদৈ সদৰ আৰক্ষীয়ে থানালৈ লৈ যায়।
ইতিমধ্যে হোটেলৰ কৰ্তৃপক্ষই এই তালাচিক ৰাজনৈতিক আখ্যা দি সাংবাদিকক অৱগত কৰাৰ লগতে প্ৰথমে মঙলদৈ চহৰৰ উপকণ্ঠ অঞ্চল সমূহত দৈনিক গো মাংস কটা আৰু বিক্ৰী বন্ধ কৰিবলৈ দাবী জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা