জাগীৰোডত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী
গোলাঘাট, ০১ জুলাই (হি.স.)। জাগীৰোডত বিজেপিৰ বৃহত প্ৰতিবাদী কাৰ্যসূচী। কংগ্ৰেছ মূৰ্দাবাদ, গৌৰৱ গগৈ হুচিয়াৰ ধ্বনিৰে উত্তাল কৰিছে ৰাজপথ। উল্লেখ্য যে সোমবাৰে গোলাঘাট জিলা ভ্ৰমণৰ সময়চোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গোলাঘাট জিলা ক‌ংগ্
জাগীৰোডত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী


গোলাঘাট, ০১ জুলাই (হি.স.)। জাগীৰোডত বিজেপিৰ বৃহত প্ৰতিবাদী কাৰ্যসূচী। কংগ্ৰেছ মূৰ্দাবাদ, গৌৰৱ গগৈ হুচিয়াৰ ধ্বনিৰে উত্তাল কৰিছে ৰাজপথ।

উল্লেখ্য যে সোমবাৰে গোলাঘাট জিলা ভ্ৰমণৰ সময়চোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গোলাঘাট জিলা ক‌ংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা কংগ্ৰেছী গুণ্ডাবাহিনীয়ে যি আক্ৰমণ চলালে তাৰ বিৰোধিতাৰে জাগীৰোড চহৰৰ মাজমজিয়াত সাব্যস্থ কৰে বিশাল প্ৰতিবাদী কাৰ্যসূচী । জাগীৰোড সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ তিনিটা মণ্ডলৰ উদ্দ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত বিজেপিৰ কৰ্মকৰ্তাৰ লগতে শতাধিক লোকৰ অংশগ্ৰহণ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande